কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি ওপজা দিন। বড়ো জাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্রী।
কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্রিয়ভাৱে জড়িত আছিল।
তেওঁ বড়ো ব্ৰহ্ম ধৰ্মৰ প্ৰতিষ্ঠাপকৰূপেও জনা যায়। বড়ো ভাষা-সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়ো জাতিৰ পৰিচয়, BODO- KACHARI’S AND THEIR CULTURE নামৰ দুখন গ্ৰন্থও ৰচনা কৰিছিল। বড়ো জাতিৰ প্ৰবাদ পুৰুষ ৰূপনাথ ব্ৰহ্মৰ ১৯৬৮ চনত তেওঁৰ দেহাৱসান ঘটে।