আঞ্চলিক সংবাদ

June 10, 2026 3:42 PM

views 21

দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পৰিবহন সুবিধা প্ৰদান কৰা হ’ব

ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহ বাগিছা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহন উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষার্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস...

June 10, 2026 3:00 PM

views 24

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ ৰাজ্যসভাৰ সদস্য পদ ত্যাগ

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্রবীন নেতা তথা ৰাজ্যসভাৰ সাংসাদ শুখেন...

June 10, 2026 2:07 PM

views 28

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ নগাঁও জিলাত কালি এই উপলক্ষে ১৬৬টা স্বাস্থ্য কেন্দ্র, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামুহিক স্বাস্থ্যকেন্দ্ৰ, এফ আৰ ইউ, মহকুমা অসামৰিক চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগা...

June 10, 2026 1:56 PM

views 25

ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁৱলৈ গৌৰৱ নিলাক্ষী শ‍ইকীয়াৰ

নগাঁৱৰ নিলাক্ষী শ‍ইকীয়াই অলপতে সম্পন্ন কাজিৰঙা ৰাইনো কাপ পেচাদাৰী বক্সিং লীগ প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিলাক্ষীয়ে নগাওঁ জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে।

June 10, 2026 1:28 PM

views 13

নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ তানচেন এলেকাত ভূমিস্খলনৰ বাবে বৰাক উপত্যকা-গুৱাহাটী সংযোগী পথত যান-বাহনৰ চলাচলত ব্যাহত

যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ তানচেন এলেকাত হোৱা ভূমিস্খলনৰ বাবে বৰাক উপত্যকা-গুৱাহাটী সংযোগী পথেৰে যান-বাহনৰ চলাচল ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত যাত্রীবাহী আৰু সামগ্ৰী পৰিবাহী বাহনৰ চলাচল প্ৰভাৱিত হৈছে। কর্তৃপক্ষসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু পথছোৱাৰে পৰিবহন সেৱা পুনৰ স...

June 10, 2026 1:51 PM

views 23

চাহ বাগিচা অঞ্চলত আজিৰে পৰা অহা বছৰ ৩১ মাৰ্চলৈ বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন সুবিধা আঁচনি মুকলি

চাহ বাগিচা অঞ্চলৰ প্ৰতিগৰাকী শিশু তথা শিক্ষাৰ্থীৰ বিদ্যালয়ত উপস্থিতি নিৰাপদ আৰু নিয়মীয়া কৰাৰ উদ্দেশ্যে আজিৰে পৰা অহা বছৰ ৩১ মাৰ্চলৈ বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন সুবিধা আঁচনি মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰি কয়, যে এই আঁচনিয়ে হাজাৰ হাজাৰ...

June 10, 2026 1:18 PM

views 20

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত ৪খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত ৪খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌদংগা, নামবৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই ৪ শতাধিক আবে...

June 10, 2026 1:14 PM

views 24

নাবালিকা অপহৰণ আৰু যৌন নিৰ্যাতনৰ গোচৰত এজন অপৰাধীক ধুবুৰীৰ পকছ’ আদালতৰ ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

ধুবুৰীৰ পকছ’ আদালতে কালি নাবালিকা অপহৰণ আৰু যৌন নিৰ্যাতনৰ গোচৰত এজন অপৰাধীক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। ধুবুৰীৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশ তথা বিশেষ পকছ’ আদালতৰ ন্যায়াধীশ আলহাজ ছাবিনা মজুমদাৰে এই ৰায় দিয়ে।

June 10, 2026 1:13 PM

views 21

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত আজি পুনৰ ৫ জন লোকৰ সাক্ষ্য গ্রহণ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি পুনৰ ৫ জন লোকৰ সাক্ষ্য গ্রহণৰ ব্যৱস্থা কৰিছে। সাক্ষীসকল ইতিমধ্যে আহি আদালত চৌহদত উপস্থিত হৈছে। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱৰা বেবী বৰাই আজি ফাষ্টট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিয়ে। চৰকাৰী পক্ষৰ সাক...

June 10, 2026 12:52 PM

views 24

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে

নগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্রিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্রহণ কৰে। প্ৰতিযোগিতাত ১৬ খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে।