প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ নগাঁও জিলাত কালি এই উপলক্ষে ১৬৬টা স্বাস্থ্য কেন্দ্র, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামুহিক স্বাস্থ্যকেন্দ্ৰ, এফ আৰ ইউ, মহকুমা অসামৰিক চিকিৎসালয়, প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় ত্রৈমাসিকৰ সন্তানসম্ভৱা মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। তদুপৰি প্রসূতিসকলক পুষ্টিকৰ খাদ্য প্ৰদানৰো ব্যৱস্থা কৰা হয়। জিলাখনত ৩,৫৯৬ গৰাকী প্রসূতিৰ কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।

ওদালগুৰি জিলাতো কালি এই অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ওদালগুৰি অসামৰিক চিকিৎসালয়, ৰৌতা, মহলীয়াপাৰা, ভেৰগাঁও, ডিমাকুচি, হৰিশিঙা আদর্শ চিকিৎসালয়, ওৰাং, টংলা, খৈৰাবাৰী আৰু ওদালগুৰি সামুহিক স্বাস্থ্য কেন্দ্ৰৰ লগতে আয়ুস্মান আৰোগ্য মন্দিৰসমূহতো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাখনত কমেও ২,২৯৩ গৰাকী সন্তানসম্ভৱা মহিলাক কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷

বজালী জিলাতো কালি মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বর্ষপূর্তি উদযাপন কৰা হয়। এই উপলক্ষে জিলাখনৰ বিভিন্ন স্বাস্থ্য প্রতিষ্ঠানত বিশেষ কাৰ্যসূচী লোৱা হয়। ইয়াৰ অংশ হিচাপে গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্যপৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়।

শোণিতপুৰ জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত এই কাৰ্যসূচীৰ অংশ হিচাপে সন্তানসম্ভৱাসকলৰ বিশেষ প্ৰসৱপূৰ্ব যতন তথা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কার্যসূচীত জিলাখনৰ বহু গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে।

স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল’বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল’বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়৷

গোলাঘাট জিলাতো এই অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কার্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তানসম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ ২০টা প্রধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুস্নান আৰোগ্য মন্দিৰ, সামুহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়।

এই শিবিৰ সমূহত ৪ হাজাৰৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷ শ্রীভূমি জিলাতো এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়।