ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁৱলৈ গৌৰৱ নিলাক্ষী শ‍ইকীয়াৰ

নগাঁৱৰ নিলাক্ষী শ‍ইকীয়াই অলপতে সম্পন্ন কাজিৰঙা ৰাইনো কাপ পেচাদাৰী বক্সিং লীগ প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

নিলাক্ষীয়ে নগাওঁ জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে।