June 10, 2026 1:56 PM

views 30

ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁৱলৈ গৌৰৱ নিলাক্ষী শ‍ইকীয়াৰ

নগাঁৱৰ নিলাক্ষী শ‍ইকীয়াই অলপতে সম্পন্ন কাজিৰঙা ৰাইনো কাপ পেচাদাৰী বক্সিং লীগ প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নিলাক্ষীয়ে নগাওঁ জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে।

June 12, 2025 8:15 PM

views 46

অসম বিধানসভাৰ বিভাগীয় বিষয়ৰ স্থায়ী সমিতিৰ দলৰ নগাওঁ জিলা ভ্ৰমণ

অসম বিধানসভাৰ বিভাগীয় বিষয়ৰ স্থায়ী সমিতিৰ এটা দলে নগাওঁ জিলা ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ অগ্ৰগতিৰ বুজ লয়। ২০২৪-২৫ বিত্তীয় বৰ্ষত সমিতিয়ে দিয়া পৰামৰ্শ ভিত্তিত বিভিন্ন বিভাগে ৰূপায়ণ কৰা প্ৰকল্প আঁচনি আৰু ব্যৱস্থাসমূহৰ খতিয়ান লোৱাৰ বাবে বিধায়ক সঞ্জয় কিষাণৰ নেতৃত্বৰ দলটোৱে কেইবাগৰাকীও সংশ্লিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। তেওঁলোকে এটা কৃষি প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলক সাক্ষাৎ কৰে। দলটোৰ সৈতে জিলা প্ৰশাসনৰ বিষয়াৰ উপৰি জিলা কৃষি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

May 20, 2025 7:51 PM

views 45

নগাঁও জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত জল আৰু অনাময় অভিযান সন্দৰ্ভত বৈঠক

নগাঁও জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জল আৰু অনাময় অভিযান সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও, ধিং আৰু কলিয়াবৰ উপ-সংমণ্ডলত স্বচ্ছ ভাৰত অভিযান-গ্রামীণ আৰু জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে নলযোগে পানী সংযোগ প্রদান, পানীৰ গুণগত মান পৰীক্ষা আদি বিভিন্ন দিশত পর্যালোচনা কৰা হয়। বৈঠকত স্বচ্ছ ভাৰত অভিযানৰ অধীনত নির্মীয়মান শৌচাগাৰসমূহৰ বৰ্তমান স্থিতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। আয়ুক্তগৰাকীয়ে জাৱৰ নিষ্কাষণৰ দিশত গুৰুত্ব কৰি এইক্ষেত্ৰত জনসাধাৰণৰ মাজত ...

November 17, 2024 6:44 PM

views 52

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয়ৰ চৌহদত স্থানীয় বিধায়ক ৰূপক শৰ্মাই প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত শিক্ষাগুৰু আৰু ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি শোভাযাত্ৰা উলিওৱাৰ লগতে বিদ্যালয়ৰ প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা দুমহলীয়া অতিৰিক্ত শ্ৰেণীকোঠাৰ উন্মোচন ...