নগাঁও জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জল আৰু অনাময় অভিযান সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও, ধিং আৰু কলিয়াবৰ উপ-সংমণ্ডলত স্বচ্ছ ভাৰত অভিযান-গ্রামীণ আৰু জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে নলযোগে পানী সংযোগ প্রদান, পানীৰ গুণগত মান পৰীক্ষা আদি বিভিন্ন দিশত পর্যালোচনা কৰা হয়। বৈঠকত স্বচ্ছ ভাৰত অভিযানৰ অধীনত নির্মীয়মান শৌচাগাৰসমূহৰ বৰ্তমান স্থিতিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। আয়ুক্তগৰাকীয়ে জাৱৰ নিষ্কাষণৰ দিশত গুৰুত্ব কৰি এইক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভাগীয় কর্তৃপক্ষক আহ্বান জনায়।
Assamese | May 20, 2025 7:51 PM | Akashvani News | Nagaon District
নগাঁও জিলা আয়ুক্তৰ অধ্যক্ষতাত জিলা আয়ুক্তৰ কাৰ্যালয়ত জল আৰু অনাময় অভিযান সন্দৰ্ভত বৈঠক