আন্তৰ্জাতিক সংবাদ

October 3, 2024 7:39 PM

views 81

ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন

মহাত্মা গান্ধীৰ জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘই কালি আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস পালন কৰে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুট্টাৰেছে কয় যে ইউক্রেইনৰ পৰা ছুডান, পশ্চিম এছিয়াকে ধৰি বিভিন্ন ধ্বংসাত্মক কার্যকলাপৰ মাজতে এই দিৱস পালন কৰা হয়। তেওঁ কয় যে মহাত্মা গান্ধীয়ে অস্ত্ৰ-শস্ত্ৰৰ ক্ষমতাৰ বি...

October 2, 2024 3:45 PM

views 87

মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে ক্লডিয়া শ্বেইনবমৰ শপতগ্ৰহণ

ক্লডিয়া শ্বেইনবমে কালি মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰে। দেশখনৰ পূৰ্বৰ জনপ্ৰিয় ৰাষ্ট্ৰপতি এন্ড্রেজ মেনুৱেল ল'পেজ অব্ৰেডৰৰ স্থলাভিষিক্ত হৈ তেওঁ এই দায়িত্ব গ্ৰহণ কৰে। বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজনৈতিক ক্ষেত্ৰলৈ অহা ৬২ বছৰীয়া শ্বেইনবমে ২০৩০ চন পর্যন্ত পৰৱৰ্তী ৬ বছৰৰ...

October 2, 2024 3:41 PM

views 88

প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপেৰে ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ প্রত্যক্ষ আক্রমণ

ইৰাণে যোৱা নিশা ইজৰাইলৰ বিৰুদ্ধে প্রত্যক্ষ আক্রমণ সংঘটিত কৰি প্ৰায় ২০০টা ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ ফলত অঞ্চলটোত যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হয়। এই আক্ৰমণত ইজৰাইলৰ সংশ্লিষ্ট অঞ্চলৰ জনসাধাৰণ আতংকগ্ৰস্ত হৈ পৰাৰ লগতে তেওঁলোকে ততাতৈয়াকৈ নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হয়। ইৰাণে হিজবুল্লা আৰু হামাছৰ বিষয়ব...

September 30, 2024 12:15 PM

views 47

লেবাননৰ আশ্ৰয় শিৱিৰত থকা লোকৰ বাবে বিশ্ব খাদ্য কাৰ্যসূচীৰ ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ

ইজৰাইল আৰু হিজবুল্লাহৰ মাজৰ সংঘৰ্ষৰ ফলত প্ৰভাৱিত ১০ লাখ লোকলৈ খাদ্য সাহায্য প্ৰদানৰ উদ্দেশ্যে বিশ্ব খাদ্য কাৰ্যসূচী-WFP-য়ে এটা জৰুৰীকালীন অভিযান আৰম্ভ কৰিছে। WFP-য়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে, সংস্থাটোৱে দেশখনৰ আশ্ৰয় শিৱিৰসমূহত থকা লোকসকলৰ বাবে ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ ক...

September 29, 2024 8:02 PM

views 56

নেপালত বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত

নেপালৰ গৃহ মন্ত্ৰ্যালয়ে প্রাকৃতিক দুৰ্যোগৰ ঘটনা, বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত হোৱা বুলি সদৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুৰ্যোগৰ ঘটনাত মধেশ ৰাজ্যত দুগৰাকী, ক'চিত ১৭ গৰাকী, বাগমাটিত ৪৫ গৰাকী আৰু কাঠমাণ্ডু উপত্যকাত ৬৮ গৰাকী লোক নিহত হৈছে। তদুপৰি ৬৪ গৰাকী লোক সন্ধানহীন হৈ থকাৰ ব...

September 27, 2024 8:06 PM

views 56

ইণ্ডোনেছিয়াত অবৈধ সোণৰ খনি খহি যোৱাত কমেও ১৫ শ্রমিকৰ মৃত্যু, ২৫ গৰাকী নিৰুদ্দেশ

ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰাৰ এটা অবৈধ সোণৰ খনি খহি যোৱাৰ ফলত কমেও ১৫ গৰাকী শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ২৫ গৰাকী শ্রমিক নিৰুদ্দেশ হৈ আছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰবৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে, ছ'লক অঞ্চলৰ নাগাৰি ছুংগাই আবুত এই দুর্ঘটনাটো সংঘটিত হয়। তেওঁ কয় যে, দুর্গত লোকসকল...

September 27, 2024 6:58 PM

views 75

ছিগেৰু ইছিবা জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত

লিবাৰেল ডেম'ক্রেটিক পাৰ্টীৰ নেতা ছিগেৰু ইছিবা নিজ দলৰ নেতৃত্বৰ দৌৰত বিজয়ী হোৱাৰ পাছত জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব। তেওঁ জাতীয়তাবাদী ছানায়ে তাকাইছিক পৰাজিত কৰি বিজয় সাব্যস্ত কৰে। তাকাইছিয়ে ১৯৪টা ভোট লাভ কৰাৰ বিপৰীতে ইছিবাই ২১৫ টা ভোট লাভ কৰে। অহা অক্টোবৰত সংসদ আহ্বান কৰাৰ পাছত ইছিবাই জাপানৰ ...

September 22, 2024 8:25 PM

views 56

ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ আজি প্ৰথম দিনা ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কালি নিশা শ্রীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিশ্বিডা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানম...

September 22, 2024 8:17 PM

views 74

পূৱ ইৰাণৰ দক্ষিণ খোৰছান প্ৰদেশৰ কয়লাখনিত সংঘটিত গেছ বিস্ফোৰণত প্ৰায় ৫১জন লোক নিহত

পূৱ ইৰাণৰ দক্ষিণ খোৰছান প্ৰদেশৰ এটা কয়লাখনিত কালি হোৱা গেছ বিস্ফোৰণ ঘটনাত প্ৰায় ৫১জন লোক নিহত হয়। ৰাজ্যখনৰ ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত টাৰাছৰ মজনুজ খনিত মিথেন গেছ নির্গমনৰ ফলতেই এই বিস্ফোৰণ সংঘটিত হয়। উল্লেখযোগ্য যে এই বিস্ফোৰণত ২০জনতকৈ অধ...

September 22, 2024 6:42 PM

views 56

ইজৰাইলৰ বিমান আক্রমণত উত্তৰ গাজাৰ এখন বিদ্যালয়ত মহিলা আৰু শিশুকে ধৰি কমেও ২২ জন লোকৰ মৃত্যু

উত্তৰ গাজাৰ এখন এখন বিদ্যালয়ত কালি ইজৰাইলে বিমান আক্রমণ কৰাৰ ফলত মহিলা আৰু শিশুকে ধৰি কমেও ২২ জন লোকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি গাজা চহৰৰ জেইটোন এলেকাত হোৱা এই আক্ৰমণত আন ৩০ জন লোক আহত হয়। ইফালে ইজৰাইল সেনাই, বিদ্যালয়খনৰ পৰা পূৰ্বে পৰিচালিত হোৱা হামাছ কমাণ্ড চেণ্টাৰক ...