উত্তৰ গাজাৰ এখন এখন বিদ্যালয়ত কালি ইজৰাইলে বিমান আক্রমণ কৰাৰ ফলত মহিলা আৰু শিশুকে ধৰি কমেও ২২ জন লোকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি গাজা চহৰৰ জেইটোন এলেকাত হোৱা এই আক্ৰমণত আন ৩০ জন লোক আহত হয়। ইফালে ইজৰাইল সেনাই, বিদ্যালয়খনৰ পৰা পূৰ্বে পৰিচালিত হোৱা হামাছ কমাণ্ড চেণ্টাৰক লক্ষ্য কৰি এই আক্ৰমণ চলাইছিল বুলি প্ৰকাশ কৰিছে। অৱশ্যে হামাছে বিদ্যালয় বা আন অসামৰিক স্থানসমূহ সামৰিক কাৰ্যকলাপত ব্যৱহাৰ কৰাৰ বিষয়টো অস্বীকাৰ কৰিছে।
Assamese | September 22, 2024 6:42 PM | israel hamas
ইজৰাইলৰ বিমান আক্রমণত উত্তৰ গাজাৰ এখন বিদ্যালয়ত মহিলা আৰু শিশুকে ধৰি কমেও ২২ জন লোকৰ মৃত্যু