আন্তৰ্জাতিক সংবাদ

September 8, 2024 8:25 PM

views 69

তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত আবুধাৱিৰ ৰাজকুমাৰ

আবুধাৱিৰ ৰাজকুমাৰ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে আজি তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ৰাজকুমাৰগৰাকীক বিমান বন্দৰত আদৰণি জনাই। আবুধাৱিৰ ৰাজকুমাৰ হিচাপে তেওঁৰ এয়া প্ৰথম বাৰত ভ্ৰমণ। এই ভ্ৰমণত সংযুক্ত আৰৱ আমিৰী ৰ...

September 8, 2024 11:24 AM

views 77

ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি ইটালীৰ প্ৰধানমন্ত্রীৰ মন্তব্য

ইটালীৰ প্ৰধানমন্ত্রী জিঅ' ৰজিয়া মেলনিয়ে কৈছে যে, ৰাছিয়া-ইউক্রেইনৰ সংঘাত নিৰাময় কৰাত ভাৰত আৰু চীনৰ দৰে দেশে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদমীৰ পুটিনে এই সংঘাত নিৰাময়ৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰাৰ পাছতেই ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এ...

September 8, 2024 11:17 AM

views 41

চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ  আবু ধাবিৰ যুৱৰাজ

আবু ধাবিৰ যুৱৰাজ শ্বেইখ খালিদ বিন মহম্মদ বিন জায়দ অল নাহয়ান আজি চৰকাৰী ভ্ৰমণসূচীৰে ভাৰত পাবহি। শ্বেইখ খালিদৰ সৈতে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, আগশাৰীৰ ব্যৱসায়ী আৰু ইউ এ ইৰ অৰ্থনৈতিক অংশীদাৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিব। ভ্ৰমণ কালত অভ্যাগত যুৱৰাজগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সা...

September 8, 2024 11:13 AM

views 74

ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে  চৌদি আৰৱলৈ বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী এছ জয়শংকৰ ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে আজি চৌদি আৰৱৰ ৰিয়াধলৈ ৰাওনা হ'ব। এই দুদিনীয়া ভ্ৰমণকালত তেওঁ উপসাগৰীয় সহযোগিতা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশমন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে। উপসাগৰীয় সহযোগিতা...

September 7, 2024 12:33 PM

views 68

ড’নাল্ড ট্রাম্পৰ মানহেট্টান গুপ্ত ধন অপৰাধ সম্পৰ্কীয় গোচৰৰ শাস্তি ঘোষণাৰ সময় স্থগিত

আমেৰিকাত ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ড'নাল্ড ট্রাম্পৰ মানহেট্টান গুপ্ত ধন অপৰাধ সম্পৰ্কীয় গোচৰৰ শাস্তি ঘোষণাৰ সময় নৱেম্বৰত হ'বলগীয়া নিৰ্বাচনলৈকে স্থগিত ৰখা হৈছে। ন্যায়াধীশ জুয়ান মাৰ্চানে ৫ নৱেম্বৰত হবলগীয়া নিৰ্বাচনৰ ৩ সপ্তাহৰ পাছলৈ শাস্তি ঘোষণাৰ সময় পিছুৱাই দিছে। আদালতে ১৮ ছেপ্টেম...

September 6, 2024 9:02 PM

views 70

ইউক্রেইনৰ সংকটক লৈ সম্ভাব্য শান্তি আলোচনাত ভাৰত, ব্রাজিল আৰু চীনে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰেঃ পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কয় যে, ইউক্রেইনৰ সংকটক লৈ সম্ভাব্য শান্তি আলোচনাত ভাৰত, ব্রাজিল আৰু চীনে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰে। ইষ্টাৰ্ন ইকনমিক ফ'ৰামৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ভাৰত, ব্রাজিল আৰু চীনে ইউক্রেইনৰ পৰিস্থিতি উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাই...

September 4, 2024 12:03 PM

views 77

প’লটাভাৰৰ সামৰিক প্ৰতিষ্ঠানত ৰাছিয়াই চলোৱা আক্ৰমণত ৪১ জন লোক নিহতৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কৈছে যে দেশখনৰ কেন্দ্ৰীয় চহৰ প'লটাভাৰ এখন সামৰিক প্ৰতিষ্ঠানত ৰাছিয়াই চলোৱা আক্ৰমণৰ ফলত কমেও ৪১ জন লোক নিহত হোৱাৰ লগতে ১৮০ জনতকৈ অধিক লোক আহত হৈছে। তেওঁ কয় যে চহৰখনত ৰাছিয়াই দুটা বেলিষ্টিক মিছাইলেৰে কালি এই আক্রমণ সংঘটিত কৰিছে। এই আক্ৰমণৰ ফলত বহু লোক এত...

September 3, 2024 6:01 PM

views 103

গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক’ৰিড’ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতাঃ বেঞ্জামিন নেতানাহু

ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেতানাহুৱে কৈছে যে, গাজা-ইজিপ্ত সীমান্তৰ ফিলাডেলফি ক'ৰিড'ৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী নিয়োগ কৰি ৰখাটো ইজৰাইলৰ কৌশলগত আৱশ্যকতা আৰু দেশখনৰ বাবে অপৰিহাৰ্য্য। শ্ৰী নেতানাহুৱে এটা বিবৃতি যোগে ইজৰাইলৰ বাবে যুদ্ধ লক্ষ্যত উপনীত হোৱাৰ দিশৰ পৰা ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ভূমি ভা...

September 2, 2024 3:46 PM

views 76

প্রধানমন্ত্রী বেঞ্জামিন নেত্যানয়াহুৱে হামাছৰ সৈতে যুদ্ধবিৰতি কৰাৰ দাবীত হাজাৰৰো অধিক লোকৰ প্ৰতিবাদ

গাজাত পণবন্দী হৈ থকা লোকসকল সুকলমে ঘূৰি আহিবৰ বাবে প্রধানমন্ত্রী বেঞ্জামিন নেত্যানয়াহুৱে হামাছৰ সৈতে যুদ্ধবিৰতি কৰাৰ দাবীত কালি সমগ্ৰ ইজৰাইলতে হাজাৰৰো অধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীসমূহে পণবন্দী হৈ থকা ছজন লোকৰ উদ্ধাৰ কৰা বুলি কালি পুৱা ঘোষণা কৰাৰ পাছত এই প্রতিবাদ আৰম্...

September 1, 2024 1:07 PM

views 89

ইজৰাইলী সেনা আৰু হামাছৰ গাজাত তিনিদিনৰ বাবে অভিযান বন্ধৰ সিদ্ধান্ত

ইজৰাইলী সেনা আৰু হামাছে গাজাৰ তিনিটা পৃথক পৃথক অঞ্চলত তিনিদিনৰ বাবে অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰদান কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ৬ লাখ ৪০ হাজাৰ শিশুক পলিঅ' প্ৰদানৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গাজাত ১০ জনীয়া এটি শিশু প...