আন্তৰ্জাতিক সংবাদ

August 25, 2024 8:08 PM

views 81

পাকিস্তানত সংঘটিত দুটা পৃথক বাছ দুৰ্ঘটনাত ৩৭ গৰাকী লোক নিহত

পাকিস্তানত আজি সংঘটিত দুটা পৃথক বাছ দুৰ্ঘটনাত ১১ গৰাকী তীর্থ যাত্ৰীকে ধৰি ৩৭ গৰাকী লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয়। বেলুচিস্তানৰ মাক্রন উপকূলীয় ঘাইপথত সংঘটিত প্ৰথমটো দুৰ্ঘটনাত ১১ গৰাকী লোক নিহত হোৱাৰ লগতে ৩৫ গৰাকী লোক আহত হয়। বাছখনত ইৰানৰ পৰা পাঞ্জাব প্ৰদেশলৈ ছিয়া তীর্থযাত্ৰীসকল উভতি ...

August 25, 2024 8:06 PM

views 98

ৰাছিয়াৰ বেলগ’ৰ’ড অবলাষ্ট অঞ্চলত ইউক্রেইনৰ সশস্ত্র বাহিনীৰ আক্ৰমণ

ৰাছিয়াৰ বেলগ'ৰ'ড অবলাষ্ট অঞ্চলৰ ৰাকিটনৈয়ে গাঁৱত আজি ইউক্রেইনৰ সশস্ত্র বাহিনীয়ে চলোৱা এটা আক্ৰমণত পাঁচ গৰাকী লোক নিহত হোৱাৰ লগতে ১২ গৰাকী লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ঘটনাত স্থানীয় আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ১০ টা বাসগৃহ, দুটা বাণিজ্যিক ভৱন আৰু চাৰিখন যাত্রীবাহী বাহন ...

August 25, 2024 11:26 AM

views 58

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ব্রাজিলৰ বিদেশ মন্ত্ৰী মৌৰ ৱিয়েৰা

ব্রাজিলৰ বিদেশ মন্ত্ৰী মৌৰ ৱিয়েৰা চাৰি দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হ'ব। মঙলবাৰে বিদেশমন্ত্ৰী ড০ এছ জয়শংকৰ আৰু শ্ৰীৱিয়েৰাই ভাৰত-ব্রাজিল নৱম যুটীয়া আয়োগৰ বৈঠকত সভাপতিত্ব কৰিব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, এই বছৰ ব্ৰাজিলে জি-টুৱেণ্টিৰ অধ্যক্ষতা কৰাৰ লগে লগে দুয়োখন দেশে জি-টু...

August 25, 2024 11:24 AM

views 63

নেপালৰ তনাহুন জিলাত সংঘটিত বাছ দুৰ্ঘটনাত হতাহত সকললৈ প্ৰধানমন্ত্ৰীৰ এককালীন সাহায্য ঘোষণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ তনাহুন জিলাত হোৱা বাছ দুৰ্ঘটনাত হতাহত লোকসকললৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকট- আত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহত সকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। কাঠমাণ্ডুত থকা ভ...

August 25, 2024 11:17 AM

views 71

২০২৫ চনৰ ফেব্ৰুৱাৰীত স্পেচএক্সৰ জৰিয়তে পৃথিৱীলৈ উভতিব মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বেৰী উইলমৰ

নাছাৰ দুগৰাকী মহাকাশচাৰী, সুনীতা উইলিয়ামছ আৰু বেৰী উইলমৰে ২০২৫ চনৰ ফেব্ৰুৱাৰীত স্পেচএক্সৰ জৰিয়তে পৃথিৱীলৈ উভতি আহিব। তেওঁলোকে আঠ দিনীয়া অভিযানত মহাকাশলৈ গৈছিল যদিও বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ সমস্যাৰ বাবে এতিয়া প্রায় আঠ মাহ কক্ষপথত কটাব। নাছাই ঘোষণা কৰিছে যে, ষ্টাৰলাইনাৰখনে মানৱবিহীনভাৱে অবিহন...

August 20, 2024 5:55 PM

views 70

শ্বেইখ হাছিনাসহ ২৭ গৰাকী লোকৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগ দাখিল

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধীকৰণত কালি বাংলাদেশৰ ক্ষমতাচ্যুত প্রধানমন্ত্ৰী শ্বেইখ হাছিনা, প্রাক্তন মন্ত্রী অ’বেইদুৰ কাদে, ৰাছিদ খান মেনন আৰু হাছানুল হক ইনুসহ ২৭ গৰাকী লোকৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতাবিৰোধী অপৰাধ সংঘটিত কৰাৰ অভিযোগ দাখিল কৰা হৈছে। অভিযোগনামা দাখিল কৰা অন্য আগশাৰীৰ ব্যক্তিসকলৰ ভিতৰত...

August 19, 2024 12:23 PM

views 56

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিম তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাট’ ছেৰি আনৱাৰ বিন ইব্রাহিমে আজিৰে পৰা তিনিদিনীয়া সূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া হ'ব তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ। বিদেশ পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন...

August 19, 2024 12:09 PM

views 63

বাংলাদেশত অতি সোনকালে মুক্ত, নিকা আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ’বঃ মহম্মদ ইউনুছ

বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে কৈছে যে প্ৰশাসনীয় ব্যৱস্থাত প্রয়োজনীয় সংস্কাৰ অনাৰ পাছত দেশখনত অতি সোনকালে মুক্ত, নিকা আৰু অংশগ্রহণমূলক নির্বাচন অনুষ্ঠিত হ'ব। ঢাকাত কূটনীতিবিদসকলৰ সৈতে হোৱা এখন বৈঠকত মহম্মদ ইউনুছে কয় যে, নির্বাচন আয়োগ, ন্যায়পালিকা, অসামৰিক প্ৰশাস...

August 18, 2024 8:34 PM

views 46

কুৱেইটৰ ৰাজকুমাৰক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কুৱেইটৰ ৰাজকুমাৰ শ্বেখ ছাবাহ আল খালেদ আল ছাবাহ আল হামাদ আল মুবাৰক আল ছাবাহক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ড০ এছ জয়শংকৰে কয় যে, ভাৰত আৰু কুৱেইটে শতিকাজুৰি শুভেচ্ছা আৰু মিত্ৰতাৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। তেওঁ কয় যে, দুয়োখন দেশৰ সাম্প্...

August 18, 2024 8:31 PM

views 59

কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ

মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী ডাটা ছেৰি আনৱাৰ বিন ইব্রাহিমে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ এয়া হ'ব প্ৰথম হ'ব বিদেশ ভ্রমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকী অহা ...