ৰাছিয়াৰ বেলগ’ৰ’ড অবলাষ্ট অঞ্চলৰ ৰাকিটনৈয়ে গাঁৱত আজি ইউক্রেইনৰ সশস্ত্র বাহিনীয়ে চলোৱা এটা আক্ৰমণত পাঁচ গৰাকী লোক নিহত হোৱাৰ লগতে ১২ গৰাকী লোক আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই ঘটনাত স্থানীয় আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে ১০ টা বাসগৃহ, দুটা বাণিজ্যিক ভৱন আৰু চাৰিখন যাত্রীবাহী বাহন বিধবস্ত হয়। প্ৰশাসনৰ তৰফৰ পৰা দিনৰ ভাগত ঘৰে ঘৰে পৰিদৰ্শন অভিযান চলোৱা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | August 25, 2024 8:06 PM | Russia-Ukraine War
ৰাছিয়াৰ বেলগ’ৰ’ড অবলাষ্ট অঞ্চলত ইউক্রেইনৰ সশস্ত্র বাহিনীৰ আক্ৰমণ