বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কুৱেইটৰ ৰাজকুমাৰ শ্বেখ ছাবাহ আল খালেদ আল ছাবাহ আল হামাদ আল মুবাৰক আল ছাবাহক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ড০ এছ জয়শংকৰে কয় যে, ভাৰত আৰু কুৱেইটে শতিকাজুৰি শুভেচ্ছা আৰু মিত্ৰতাৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। তেওঁ কয় যে, দুয়োখন দেশৰ সাম্প্ৰতিক সম্পৰ্ক অবিৰতভাৱে সম্প্ৰসাৰণ হৈ আছে। ড০ জয়শংকৰে দেশ দুখনৰ সম্পৰ্কক উচ্চ পর্যায়লৈ লৈ যোৱাত ৰাজকুমাৰগৰাকীৰ ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকী আজি চৰকাৰী ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয়। তেওঁক কুৱেইটৰ বিদেশ মন্ত্ৰী আব্দুলাহ আলী আল য়াহয়াই আদৰণি জনায়। এই ভ্রমণকালত দুয়োপক্ষই ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, শক্তি, নিৰাপত্তা, সাংস্কৃতিক, বাণিজ্যিক দূতাবাস আৰু জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ককে ধৰি দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিব। উভয় পক্ষই উমৈহতীয়া স্বার্থ জড়িত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰিব।
Assamese | August 18, 2024 8:34 PM | External Affairs Minister S Jaishankar arrive in Kuwait
কুৱেইটৰ ৰাজকুমাৰক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ