August 18, 2024 8:34 PM

views 42

কুৱেইটৰ ৰাজকুমাৰক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কুৱেইটৰ ৰাজকুমাৰ শ্বেখ ছাবাহ আল খালেদ আল ছাবাহ আল হামাদ আল মুবাৰক আল ছাবাহক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ড০ এছ জয়শংকৰে কয় যে, ভাৰত আৰু কুৱেইটে শতিকাজুৰি শুভেচ্ছা আৰু মিত্ৰতাৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। তেওঁ কয় যে, দুয়োখন দেশৰ সাম্প্ৰতিক সম্পৰ্ক অবিৰতভাৱে সম্প্ৰসাৰণ হৈ আছে। ড০ জয়শংকৰে দেশ দুখনৰ সম্পৰ্কক উচ্চ পর্যায়লৈ লৈ যোৱাত ৰাজকুমাৰগৰাকীৰ ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকী আজি চৰকাৰী ভ্ৰমণসূচীৰে কুৱেইটত উপস্থিত হয়...