ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কয় যে, ইউক্রেইনৰ সংকটক লৈ সম্ভাব্য শান্তি আলোচনাত ভাৰত, ব্রাজিল আৰু চীনে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰে। ইষ্টাৰ্ন ইকনমিক ফ’ৰামৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দি ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ভাৰত, ব্রাজিল আৰু চীনে ইউক্রেইনৰ পৰিস্থিতি উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। ইউক্রেইনৰ পৰিস্থিতি সন্দৰ্ভত ভাৰত, চীন আৰু ব্ৰাজিলৰ সৈতে তেওঁ অহৰহ যোগাযোগত আছে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মস্কো ভ্ৰমণ আৰু শেহতীয়াকৈ ইউক্রেইন ভ্ৰমণৰ পাছত পুটিনৰ এই মন্তব্য প্ৰকাশ পাইছে। প্রধানমন্ত্রী মোদীয়ে ভ্ৰমণৰ সময়ত ৰাছিয় আৰু ইউক্রেইনৰ মাজত চলি থখা যুদ্ধ সন্দৰ্ভত ভাৰতৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি ভাৰতৰ সদায় শান্তিৰ পক্ষত আছে বুলি স্পষ্ট কৰি দিছিল।
Assamese | September 6, 2024 9:02 PM | Russia-Ukraine War | Russian President Vladimir Putin | Vladimir Putin
ইউক্রেইনৰ সংকটক লৈ সম্ভাব্য শান্তি আলোচনাত ভাৰত, ব্রাজিল আৰু চীনে মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰেঃ পুটিন