November 10, 2026 12:41 PM | Donald Trump

printer

ইৰানৰ সৈতে হোৱা যুদ্ধ সামৰিকভাৱে কাৰ্যত শেষ হোৱা বুলি ডোনাল্ড ট্রাম্পৰ প্ৰকাশ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে সাংবাদিকৰ আগত কয়, যে ইৰানৰ সৈতে হোৱা যুদ্ধ সামৰিকভাৱে কাৰ্যত শেষ হোৱা বুলি তেওঁ বিশ্বাস কৰে। বিশ্ব অর্থনীতিত আলোড়ন সৃষ্টি কৰা এই যুদ্ধ পুনৰ আৰম্ভ কৰিবলৈ তেওঁ বৰ্তমান প্রস্তুত নহয় বুলি ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্যৰ পৰা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে।

কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেইখন মহম্মদ বীন আব্দুল ৰহমান বীন জেছিন আলথানিৰ সৈতে হোৱা বৈঠকৰ পাছত কালি ৰাষ্ট্ৰপতি ট্রাম্পে হোৱাইট হাউছৰ সংবাদ সন্মিলন কক্ষত আকস্মিকভাৱে উপস্থিত হৈ তেওঁ কয়, যে ইৰানক ইতিমধ্যে সকলো দিশৰ পৰা প্ৰতিহত কৰা হৈছে। অৱশ্যে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী নিষ্ক্ৰিয় কৰাৰ বাবে দীৰ্ঘম্যাদী সমাধান নিশ্চিত কৰাৰ অর্থে চেষ্টা চলাই থকা বুলিও ৰাষ্ট্ৰপতি ট্রাম্পে উল্লেখ কৰে।

আমেৰিকাৰ মধ্যবর্তী নির্বাচন শেষ হোৱাৰ পাছত ইৰান সন্দৰ্ভত এয়া ট্রাম্পৰ অন্যতম গুৰুত্বপূৰ্ণ মন্তব্যৰূপে বিবেচিত হৈছে। যোৱা সপ্তাহৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি ট্রাম্পৰ ৰীপাব্লিকান দলে ডেম’ক্রেটছৰ হাতত পৰাস্ত হয়। ইৰান যুদ্ধৰ ফলত হোৱা ইন্ধনৰ মূল্য বৃদ্ধিয়ে বিশ্ব অর্থনীতিৰ প্ৰায় সকলো খণ্ডতে বিৰূপ প্ৰভাৱ পেলোৱাৰ লগত এই যুদ্ধক লৈ আমেৰিকাৰ ভোটদাতাৰ মাজত দেখা দিয়া অসন্তুষ্টিৰ প্ৰভাৱ সদ্যসমাপ্ত নিৰ্বাচনত প্ৰতিফলিত হোৱা দেখা গৈছে।