কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত আজি যমুনাৰ পাৰত বিনোদনমূলক নদী ক্রুজ সেৱা মুকলি কৰিব। এই অনুষ্ঠানত উপ-ৰাজ্যপাল তৰনজিৎ সিং সান্ধু আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাও উপস্থিত থাকিব। নদীখনৰ ছোনিয়া বিহাৰ-জগতপুৰ অংশৰ সমীপত বিকশিত এই পদক্ষেপৰ লক্ষ্য হৈছে নদী আধাৰিত পৰ্যটনৰ প্ৰচাৰ কৰা আৰু পৰ্যটকসকলক ৰাষ্ট্ৰীয় ৰাজধানীত মনোৰঞ্জনৰ নতুন অভিজ্ঞতা প্ৰদান কৰা। বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰ্যালয়ে কয়, যে দিল্লীত এই নদী ক্রুজ সেৱাৰ বিকাশে বিনোদনমূলক নৌ পৰিবহন আৰু নদী আধাৰিত পৰ্যটনৰ বাবে ৰাষ্ট্ৰীয় জলপথৰ সম্ভাৱনীয়তা ব্যৱহাৰ কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে। উল্লেখযোগ্য যে, যোৱা মাহত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু দিল্লী চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত ক্রুজ জাহাজখনৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰা হৈছিল। এই পদক্ষেপে দিল্লীৰ বাসিন্দা আৰু পৰ্যটকসকলক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
Assamese | November 10, 2026 12:27 PM | sorbanda sonwal
দিল্লীত আজি যমুনাৰ পাৰত সৰ্বানন্দ সোণোৱালৰ বিনোদনমূলক নদী ক্রুজ সেৱা মুকলি