পূৱ ইৰাণৰ দক্ষিণ খোৰছান প্ৰদেশৰ এটা কয়লাখনিত কালি হোৱা গেছ বিস্ফোৰণ ঘটনাত প্ৰায় ৫১জন লোক নিহত হয়। ৰাজ্যখনৰ ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত টাৰাছৰ মজনুজ খনিত মিথেন গেছ নির্গমনৰ ফলতেই এই বিস্ফোৰণ সংঘটিত হয়। উল্লেখযোগ্য যে এই বিস্ফোৰণত ২০জনতকৈ অধিক শ্রমিক আহত হোৱাৰ লগতে এতিয়াও বহু লোকৰ সন্ধান পোৱা হোৱা নাই। প্রাথমিকভাৱে ৩০জন লোকৰ মৃত্যুৰ তথ্য পোৱা গৈছে যদিও মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
Assamese | September 22, 2024 8:17 PM | gas explosion at a coal mine in eastern Iran
পূৱ ইৰাণৰ দক্ষিণ খোৰছান প্ৰদেশৰ কয়লাখনিত সংঘটিত গেছ বিস্ফোৰণত প্ৰায় ৫১জন লোক নিহত