স্বাস্থ্য

June 28, 2026 11:40 AM

views 26

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই সোমবাৰে নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কাইলৈ নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কর্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্র দেশতে স্বাস্থ্যৰ ক্ষেত্রত ডিজি...

June 28, 2026 11:21 AM

views 30

স্বাস্থ্য যতনৰ ক্ষেত্ৰত দেশে চকুত লগা সফলতা অর্জন কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলৰ প্রকাশ

বিগত ১২ বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ, সহজলভ্য আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলে প্রকাশ কৰিছে। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ চিকিৎসক দিৱস সমাৰোহত ভাষণ দ...

June 28, 2026 12:28 PM

views 28

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্রতিষেধক দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্রতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচীৰ জৰিয়তে ৫ বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্রতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত ১ লাখ ৯৯ হাজাৰ ৫৯১টি শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত ৮৬০টা পলিঅ' বুথ স্থাপন কৰা হৈছে। ...

June 21, 2026 8:23 PM

views 37

সুস্থ, সুখী আৰু শান্তিপূর্ণ সমাজ গঠনৰ বাবে নাগৰিকসকলে যোগাসনক দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে সামৰি লোৱা উচিতঃ চি পি ৰাধাকৃষ্ণণ

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি লাডাখৰ লেহত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেওঁ কয় যে সুস্থ, সুখী আৰু শান্তিপূর্ণ সমাজ গঠনৰ বাবে নাগৰিকসকলে যোগাসনক দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে সামৰি লোৱা উচিত। তেওঁ লগতে কয় যে যোগাসন কেৱল শাৰীৰিক ব্যা...

June 21, 2026 7:34 PM

views 39

ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্রগতি সম্পর্কে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পর্যালোচনা

অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কর্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্রতিশ্রুতি দোহাৰি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। লোকসেৱা ভৱনত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনা সমিতিৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কৰ্কট চিকিৎসা আ...

June 21, 2026 6:31 PM

views 31

অসমৰ বিভিন্ন জিলাত যোগ দিৱস পালন

দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। দৰং জিলাতো আজি যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়। যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেতীয়া জৈন যুৱক পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কর্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰ...

June 21, 2026 12:49 PM

views 35

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন উপলক্ষে গুৱাহাটীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, স্বাস্থ্য মন্ত্রী অশোক সিংহল আৰু পর্যটন ম...

June 21, 2026 10:41 AM

views 33

বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। এইবাৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে- সুস্থ বাৰ্ধক্যৰ বাবে যোগ আৰু ইয়াৰ জৰিয়তে সুস্থ, সক্রিয় আৰু মৰ্যাদাপূর্ণ বাৰ্ধক্যৰ বাবে যোগাভ্যাসক জীৱনজোৰা সাধনা হিচাপে আঁকোৱালি লোৱাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হৈছে। পশ্চিমবংগৰ কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত ...

June 14, 2026 7:39 PM

views 29

বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেবী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে- মানৱতাৰ বাবে এটোপাল, ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশ্ব ৰ...

June 14, 2026 6:54 PM

views 28

যোৱা ১২ বছৰত আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দুখীয়া আৰু অভাবী লোকসকলে গুণগত স্বাস্থ্য সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রকাশ

ভাৰতে যোৱা ১২ বছৰত গুণগত স্বাস্থ্য সেৱা অধিক বহনক্ষম আৰু সুলভ কৰি তোলাৰ বাবে কাম কৰি আহিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। শ্রী মোদীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে দুখীয়া আৰু অভাবী লোকসকলে গুণগত স্বাস্থ্য সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু জনঔষধী কেন্দ্ৰৰ ম...