তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ-প্ৰকাৰৰ আনবিক বৈশিষ্ট্যৰ মৌলিক পার্থক্য উন্মেচিত

তেজপুৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত সম্পন্ন এটা গুৰুত্বপূৰ্ণ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ-প্ৰকাৰৰ আনৱিক বৈশিষ্ট্যৰ মৌলিক পার্থক্য উন্মোচিত হৈছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰথমবাৰলৈ উত্তৰ-পূব ভাৰতৰ পৰা পাথৰ সম্পৰ্কীয় পিত্তাশয়ৰ কৰ্কট ৰোগ আৰু পাথৰবিহীন পিত্তাশয়ৰ কৰ্কট ৰোগৰ ট্রান্স ক্রিপ্টট’মিক এনালাইচিছ অর্থাৎ এটা কোষত থকা সকলো আৰ এন এ অণুৰ অধ্যয়নাত্মক বিশ্লেষণ সম্পন্ন কৰিছে।

এই গৱেষণাত তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটীৰ ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান আৰু স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আন্তঃবিভাগীয় সহযোগিতাৰে সম্পন্ন হয়। গৱেষণাটোৱে এই দুয়োটা উপ-প্ৰকাৰৰ বিকাশৰ আঁৰৰ আনবিক প্ৰক্ৰিয়া আৰু জিনিয় নিয়ন্ত্ৰণ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ পাৰ্থক্য উন্মোচন কৰিছে।

ইয়াৰ ফলত ভবিষ্যতে আগতীয়া ৰোগ নিৰ্ণয়, আনবিক শ্রেণী বিভাজন আৰু লক্ষ্যভিত্তিক চিকিৎসা বিকাশৰ ক্ষেত্ৰত নতুন সম্ভাবনা সৃষ্টি কৰিব। উল্লেখযোগ্য যে অসম আৰু উত্তৰ-পূব ভাৰতত পিত্তাশয়ৰ কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ বিশ্বৰ ভিতৰতে সর্বাধিক।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।