July 22, 2026 10:26 AM

views 18

তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ-প্ৰকাৰৰ আনবিক বৈশিষ্ট্যৰ মৌলিক পার্থক্য উন্মেচিত

তেজপুৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত সম্পন্ন এটা গুৰুত্বপূৰ্ণ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ-প্ৰকাৰৰ আনৱিক বৈশিষ্ট্যৰ মৌলিক পার্থক্য উন্মোচিত হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰথমবাৰলৈ উত্তৰ-পূব ভাৰতৰ পৰা পাথৰ সম্পৰ্কীয় পিত্তাশয়ৰ কৰ্কট ৰোগ আৰু পাথৰবিহীন পিত্তাশয়ৰ কৰ্কট ৰোগৰ ট্রান্স ক্রিপ্টট'মিক এনালাইচিছ অর্থাৎ এটা কোষত থকা সকলো আৰ এন এ অণুৰ অধ্যয়নাত্মক বিশ্লেষণ সম্পন্ন কৰিছে। এই গৱেষণাত তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটীৰ ডাঃ ভূৱনেশ্বৰ বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান আৰু স্বাগত ছুপাৰ স্পেচি...

December 8, 2025 11:36 AM

views 68

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য শম্ভুনাথ সিঙক উপাচাৰ্যৰ দায়িত্বৰ পৰা অব্যাহতি

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত কালি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগে তেওঁক প্ৰশাসনিক কাম-কাজৰ পৰা কিছুদিনৰ বাবে অব্যাহতি দিয়ে। উপাচাৰ্যজনৰ বিৰুদ্ধে উত্থাপিত দুর্নীতি অনিয়মৰ অভিযোগসমূহৰ বুজ ল'বলৈ বিশ্ববিদ্যালয়খনত উপস্থিত হোৱা কেন্দ্রীয় শিক্ষা বিভাগৰ উচ্চ পৰ্যায়ৰ দলটোৱে ভাৰপ্ৰাপ্ত উপাচার্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ প্রতিনিধিসহ ঐক্যমঞ্চৰ বিষয়ববীয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। কেন্দ্ৰীয় শিক্ষা বিভাগৰ সচিব আৰু ব...

December 7, 2025 7:17 PM

views 61

তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ দায়িত্বভাৰ গ্ৰহণ

অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উত্থাপিত হোৱা অনিয়মৰ পৰিপ্ৰেক্ষিতত প্ৰায় আঢ়ৈ মাহ ধৰি বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা অচলাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে নিযুক্তি দিয়া হয়। ১৯৯৩ চনৰ তেজপুৰ বিশ্ববিদ্যালয় আইনৰ দুই নম্বৰ অনুচ্ছেদৰ ছয় নম্বৰ দফা অনুসৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকী এমাহতকৈ অধিক দিন দায়িত্ব...

December 4, 2025 12:32 PM

views 44

তেজপুৰ বিশ্ববিদ্যালয়ত শীঘ্রেই এগৰাকী ভাৰপ্ৰাপ্ত উপাচার্য নিযুক্তি দিবলৈ শিক্ষামন্ত্রীক অনুৰোধ মুখ্যমন্ত্রীৰ

তেজপুৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ সুস্থিৰ কৰি তোলাৰ বাবে শীঘ্রেই এগৰাকী ভাৰপ্ৰাপ্ত উপাচার্য নিযুক্তি দিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানক অনুৰোধ জনাইছে। যোৱা প্ৰায় আঢ়ৈ মাহ ধৰি বিশ্ববিদ্যালয়খনত চলি থকা অচলাবস্থা সন্দর্ভত কালি মুখ্যমন্ত্রীয়ে কেন্দ্রীয় শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। বিশ্ববিদ্যালয়খনৰ বৰ্তমান উপাচাৰ্যগৰাকী দীর্ঘদিন ধৰি আঁতৰি থকাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত চলি আছে যদিও ছাত্ৰ ছাত্ৰীৰ যাতে ক্ষতি নহয় তাৰপ্ৰতি লক্...

July 30, 2025 8:57 PM

views 32

তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ যক্ষ্মা ৰোগ চিনাক্তকৰণ যন্ত্ৰ উদ্ভাৱন

দেশৰ স্বাস্থ্য খণ্ডলৈ আশাব্যঞ্জক বতৰা কঢ়িয়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষকৰ এটা দলে স্মার্টফোনৰ সহায়ত পৰিচালনা কৰিব পৰা সুলভ মূল্যৰ এটা যক্ষ্মা ৰোগ চিনাক্তকৰণ যন্ত্ৰ উদ্ভাৱন কৰিছে। অধ্যাপক পবিত্ৰ নাথৰ নেতৃত্বত পৰিচালিত গৱেষণাটোত বিকাশ সাধন হোৱা সহজে বহনীয় এই যন্ত্ৰটো পৰিচালনাৰ বাবে কোনো ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজন নহয়। যক্ষ্মা ৰোগৰ জীৱাণুৰ স্বাভাৱিক উজ্বলতাক ব্যৱহাৰ কৰি এই যন্ত্ৰটোৱে ৰোগ নিৰ্ণয় কৰে। ৩০০ গ্ৰামতকৈও কম ওজনৰ এই উদ্ভাৱনৰ ২৫ হাজাৰ টকাতকৈও কম হোৱা হেতু পূৰ্বৰ ...

March 5, 2025 12:47 PM

views 48

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ শিক্ষা বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি, ডিপ্লোমা আৰু অন্যান্য পাঠ্যক্ৰমৰ বাবে আগ্রহী ছাত্র-ছাত্রীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব। আবেদন জমা দিয়া অন্তিম তাৰিখ ৩০ এপ্ৰিল ধাৰ্য কৰা হৈছে আৰু ৬ৰ পৰা ৮ জুনত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা টি ইউ ই ই অনুষ্ঠিত হ'ব।