July 30, 2025 8:57 PM | Tezpur university

printer

তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ যক্ষ্মা ৰোগ চিনাক্তকৰণ যন্ত্ৰ উদ্ভাৱন

দেশৰ স্বাস্থ্য খণ্ডলৈ আশাব্যঞ্জক বতৰা কঢ়িয়াই তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষকৰ এটা দলে স্মার্টফোনৰ সহায়ত পৰিচালনা কৰিব পৰা সুলভ মূল্যৰ এটা যক্ষ্মা ৰোগ চিনাক্তকৰণ যন্ত্ৰ উদ্ভাৱন কৰিছে। অধ্যাপক পবিত্ৰ নাথৰ নেতৃত্বত পৰিচালিত গৱেষণাটোত বিকাশ সাধন হোৱা সহজে বহনীয় এই যন্ত্ৰটো পৰিচালনাৰ বাবে কোনো ৰাসায়নিক পদাৰ্থৰ প্ৰয়োজন নহয়। যক্ষ্মা ৰোগৰ জীৱাণুৰ স্বাভাৱিক উজ্বলতাক ব্যৱহাৰ কৰি এই যন্ত্ৰটোৱে ৰোগ নিৰ্ণয় কৰে। ৩০০ গ্ৰামতকৈও কম ওজনৰ এই উদ্ভাৱনৰ ২৫ হাজাৰ টকাতকৈও কম হোৱা হেতু পূৰ্বৰ যক্ষ্মা ৰোগ নিৰ্ণায়ক যন্ত্ৰবিলাকতকৈ ইয়াৰ ব্যৱহাৰিক সুবিধা বেছি হ’ব বুলি গৱেষকসকলে আশা প্রকাশ কৰিছে। আমাৰ দেশত এতিয়াও এটা গুৰুত্বপূৰ্ণ জনস্বাস্থ্য সমস্যাৰূপে পৰিগণিত এই ৰোগটোৰ আগতীয়া আৰু সঠিক নির্ণয়েহে ইয়াৰ সংক্ৰমণ ৰোধ কৰে। এইক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ এই উদ্ভাৱনে পৰীক্ষাৰ ব্যয়বহুলতা আৰু প্ৰশিক্ষিত কৰ্মীৰ অভাৱৰ দৰে সমস্যাসমূহৰ সমাধান কৰিব বুলি অধ্যাপক নাথে আশা ব্যক্ত কৰে। বিপ্লৱ ছেত্রী, ছুনুৰঞ্জন দত্ত, ড০ জে পি শ‍ইকীয়া, শান্তনু গোস্বামী আৰু অভিজিৎ গগৈয়ে এই গৱেষণাটোত পবিত্ৰ নাথৰ সৈতে অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।