স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ দিছপুৰত ছখন জিলাৰ বিধায়কৰ সৈতে জিলাকেইখনৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা

গুণগত স্বাস্থ্য সেৱা নিশ্চিতকৰণৰ লক্ষ্যৰে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে কালি দিছপুৰত ছখন জিলাৰ বিধায়কৰ সৈতে জিলাকেইখনৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা কৰে।

তামুলপুৰ, বাক্সা, ওদালগুৰি, দৰং, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বিভাগটোৰ অগ্ৰাধিকাৰমূলক আঁচনি ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়।

বৈঠকত মাতৃ-শিশুৰ স্বাস্থ্য সেৱা, চিকিৎসা আন্তঃগাঁথনি বিকাশ, বিনামূলীয়া ডায়েলেছিছ সেৱাৰ সম্প্ৰসাৰণ আৰু ১০৮ এম্বুলেন্স সেৱা খৰতকীয়া আৰু ফলপ্ৰসূ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে যক্ষ্মামুক্ত ভাৰত অভিযানৰ অগ্রগতি, ৰোগী চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থাৰ পৰ্যালোচনা কৰা হয়।

বৈঠকত স্বাস্থ্য ক্লাব, ভ্রাম্যমান চিকিৎসা গোট, ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য সুৰক্ষা কৰ্মসূচী আৰু কিশোৰ স্বাস্থ্য কর্মসূচী অধিক কাৰ্যকৰী কৰিবলৈও পৰামৰ্শ দিয়া হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।