শিক্ষা, তথ্য প্রযুক্তি আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অহা বছৰ মাৰ্চ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। অহা শৈক্ষিক বৰ্ষৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।
মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ নিৰ্মাণৰ কাম প্রায় সম্পূর্ণ হৈছে যদিও ভিতৰ ভাগৰ কাম-কাজ প্রায় ৬০ শতাংশ সম্পূর্ণ হৈছে। তেওঁ গুণগত মান বৰ্তাই ৰাখি ক্ষিপ্ৰতাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে নির্দেশ দিয়ে।
পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ শ্যামন্ত বৰুৱা, চিকিৎসা শিক্ষাৰ অতিৰিক্ত সঞ্চালক ডাঃ প্রাণপ্রতীম শইকীয়াৰ লগতে লোকনির্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।