July 12, 2026 7:31 PM
5
ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ পৰিদৰ্শন
শিক্ষা, তথ্য প্রযুক্তি আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অহা বছৰ মাৰ্চ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। অহা শৈক্ষিক বৰ্ষৰ পৰাই চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিৰ নিৰ্মাণৰ কাম প্রায় সম্পূর্ণ হৈছে যদিও ভিতৰ ভাগৰ কাম-কাজ প্রায় ৬০ শতাংশ সম্পূর্ণ হৈছে। তেওঁ গুণগত মান ...