যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে মুকলি কৰা গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে যোগ প্রশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ১১ দিনীয়া সংহত প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ নিৰ্দেশনাত বঙাইগাঁও, কামৰূপ, কাছাৰ, যোৰহাট, কোকৰাঝাৰ আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ৰ সংহত প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়।
এই ছখন জিলাত মুঠ ৫৯৮ জন মূল প্রশিক্ষকে সফলভাবে প্রশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পাছত গাঁও পৰ্যায়ত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত যোগাভ্যাস আৰু যোগৰ মূল্যবোধৰ প্ৰসাৰ কৰিব। এই প্রশিক্ষকসকলে তৃণমূল পর্যায়ত যোগ কার্যসূচী অনুষ্ঠিত কৰা আৰু সজাগতা কাৰ্যসূচী আয়োজন কৰি গাঁৱে গাঁৱে যোগ মহা অভিযানৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
ৰাজ্যৰ অন্যান্য জিলাসমূহত পর্যায়ক্রমে এই মহা অভিযান ৰূপায়ণ কৰা হ’ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই এখন স্বাস্থ্যবান, সবল আৰু সমৃদ্ধ অসম গঢ়াৰ দিশত প্রতিখন গাঁও তথা প্রতিটো পৰিয়ালে যোগৰ বাৰ্তা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে সকলো অংশীদাৰিক আহ্বান জনাইছে।