কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতখনকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্রকল্প মুকলি কৰিব

কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতখনকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্রকল্প মুকলি কৰিব। এই সাতোটা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত প্রায় ৬৬৮ কোটি টকা ব্যয় কৰা হৈছে।

মঙলবাৰে ড০ মাণ্ডাভিয়াই তেলেংগানাৰ ছনথ নগৰস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়ৰ বহিঃস্বাস্থ্য বিভাগৰ নতুন খণ্ড মুকলি কৰাৰ লগতে আন ছটা প্রকল্প ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিব।

উল্লেখযোগ্য যে ভার্চুৱেল ব্যৱস্থাৰে মুকলি হ’বলগীয়া প্ৰকল্পৰ ভিতৰত নতুনকৈ বিকশাই তোলা গুৱাহাটীৰ বেলতলাস্থিত ২০০খন বিছনাযুক্ত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসালয় অন্যতম।