জনসাধাৰণক দৈনিক কমেও এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকি শাৰীৰিক ব্যায়াম তথা ক্রীড়াত মনোনিবেশ কৰিবলৈ কেন্দ্রীয় মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াৰ পৰামৰ্শ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু যুৱ পৰিক্ৰমা মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত ফিট ইণ্ডিয়া চান্ডেজ অন চাইকেল পদক্ষেপৰ ৯০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। আধ্যাত্মিক গুৰু শ্রী সত্য চাইবাবাৰ জন্মশতবার্ষিকী উপলক্ষে শ্রী সত্য চাই সেৱা সংস্থাৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়।

সামূহিক দৌৰ আৰু চাইকেল চলোৱা কাৰ্যসূচীত ৯ হাজৰতকৈও অধিক লোকে অংশগ্ৰহণ কৰে। তদুপৰি এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জুম্বা আৰু যোগাভ্যাসো অনুষ্ঠিত হয়। জনসাধাৰণৰ মাজত শাৰীৰিকভাৱে অধিক সক্রিয় জীৱনশৈলীৰ জনপ্রিয়তা বৃদ্ধি কৰাৰ লগতে আচৰণ তৃৰান্বিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্রহণ কৰা হৈছে।

সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ড০ মাণ্ডাভিয়াই কয় যে চাইকেল চলোৱাৰ জৰিয়তে জনসাধাৰণে নিজৰ হৃদযন্ত্র, শৰীৰৰ লগতে মানসিক স্বাস্থ্যও উন্নীত কৰিব পাৰে।

চাইকেল চলোৱাৰ স্বাস্থ্য সম্পৰ্কীয় উপকাৰসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে ইয়াৰ জৰিয়তে মহানগৰসমূহত প্ৰদূষণ হ্রাস কৰিব পাৰি বুলিও মত প্রকাশ কৰে। তেওঁ জনসাধাৰণক দৈনিক কমেও এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে উন্নত স্বাস্থ্যৰ বাবে শাৰিৰীক ব্যায়াম তথা ক্রীড়াত মনোনিবেশ কৰিবলৈ পৰামৰ্শ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।