July 6, 2026 12:17 PM

views 9

আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে প্রধানমন্ত্ৰীৰ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্রমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্রমণ কৰিব। ত্রিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্রধানমন্ত্রী মোদী তিনিদিনীয়া ভ্রমণসূচীৰে আজি ইণ্ডোনেছিয়াত উপস্থিত হ'ব। এয়া হ'ব শ্রীমোদীৰ চতুৰ্থবাৰৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণ তথা ২০১৮ চনৰ মে’ত সংহত ...

July 6, 2026 12:13 PM

views 15

বৰপেটাত কালি নিশা সংঘটিত অগ্নিকাণ্ডত ৫ খন দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত

বৰপেটা জিলাৰ মন্দিয়াৰ মৰাপাট বজাৰৰ সমীপত কালি নিশা সংঘটিত অগ্নিকাণ্ডত ৫ খন দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। বৈদ্যুতিক বিজুতিৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি মন্দিয়া আৰক্ষীয়ে প্রাথমিক অনুসন্ধানত সদৰী কৰিছে। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও কেইবা লাখ টকাৰ সম্পত্তি জুইত জাঁহ যায়।

July 6, 2026 12:10 PM

views 8

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি. এড পৰীক্ষাৰ নামত জালিয়াতি কৰাৰ অপৰাধত মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি. এড পৰীক্ষাৰ নামত জালিয়াতি কৰাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে কালি স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উপ সভাপতি মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ কৰে। ছাত্ৰগৰাকীয়ে বি. এডৰ যোগ্যতা পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত কেইবাগৰাকীও পৰীক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি বিশ্ববিদ্যালয় ...

July 6, 2026 12:06 PM

views 8

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰা বন সংমণ্ডলৰ বিভিন্ন কার্যসূচী গ্ৰহণ

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে গোৱালপাৰা বন সংমণ্ডলে বিভিন্ন কার্যসূচী গ্ৰহণ কৰি আহিছে। হাতীৰ লগতে আন আন জীৱ জন্তুৰ সৈতে সহাৱস্থান কৰি জীৱন-নিৰ্বাহ কৰাৰ উপায় সম্পর্কে ছাত্র- ছাত্ৰীসকলক জ্ঞান দিয়াৰ উদ্দেশ্যে সংমণ্ডলটোৱে এইবাৰ যুৱ গজমিত্ৰ নামেৰে এখন নতুন আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ জৰিয়তে জিলা ...

July 6, 2026 12:04 PM

views 12

সদৌ অসম মইনা পাৰিজাতৰ ৭৬ সংখ্যক প্রতিষ্ঠা দিৱস পালন

গুৱাহাটীৰ সৰুসজাইত থকা সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় কাৰ্যালয়ত কালি ৭৬ সংখ্যক প্রতিষ্ঠা দিৱস পালন কৰা হয়। শৈশৱ কালৰ মাদকতা উপভোগ কৰাৰ লগতে শিশুসকলৰ সুপ্ত প্রতিভা বিকশিত কৰাৰ ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। শিশুসকলৰ সৰ্বাংগীন বিকাশ সাধন কৰি তেওঁলোকক সমাজৰ সু-না...

July 6, 2026 1:01 PM

views 9

গুৱাহাটীত আজিৰে পৰা ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজি  ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰীকছৰ সদস্য ৰাষ্ট্ৰ আৰু...

July 6, 2026 11:50 AM

views 9

বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত

অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছে। বাজেট অধিৱেশনৰ পৰাই বিধানসভাত হিন্দী ভাষাৰ প্ৰয়োগৰ ক্ষেত্ৰত বিধানসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ বৈঠকত সিদ্ধান্ত গ্রহণ কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ‍ কুমাৰ দাসে কালি সাংবাদিকৰ আগত এই বিষয়ে প্...

July 6, 2026 11:47 AM

views 18

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্রীসভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে কালি অসম মন্ত্রীসভাই জৰুৰীকালীন সেৱা শক্তিশালী কৰা, ঔদ্যোগিক বিকাশ তথা প্রশাসন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদমেলত কয়, যে অসম আৰক্ষ...

July 5, 2026 9:15 PM

views 11

বিজ্ঞান গবেষক ড০ প্রশান্ত কুমাৰ কলিতাৰ দেহাৱসান

বিশ্বৰ বিজ্ঞান জগতত অনবদ্য অবদান আগবঢ়োৱা গবেষক, অসম সন্তান ড০ প্রশান্ত কুমাৰ কলিতাৰ আজি এখন গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। ধুবুৰী জিলাত জন্মগ্রহণ কৰা ড০ প্ৰশান্ত কুমাৰ কলিতাই জাপানৰ এছিয়ান ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ আমেৰিকাত গবেষণা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আমেৰি...

July 5, 2026 9:06 PM

views 5

উইম্বলডন টেনিছত চাবিয়াৰ ন’ভাক জ’ক’ভিচ আৰু ৰাছিয়াৰ ৰোমান ছাফিউলিন মুখামুখি

উইম্বলডন টেনিছৰ এখন খেলত চাবিয়াৰ ন'ভাক জ'ক'ভিচ আৰু ৰাছিয়াৰ ৰোমান ছাফিউলিন মুখামুখি হ'ব। আনহাতে, পুৰুষৰ ছিংগলছত জাপানৰ ছিণ্টোৰা মুছিজুকি আৰু ইটালীৰ শীৰ্ষস্থানৰ খেলুৱৈ জান্নিক ছিনাৰ পৰস্পৰৰ মুখামুখি হ'ব। আন এখন খেলত পোলেণ্ডৰ হুবার্ট হুর্কাছে জার্মানীৰ জেন লেনাৰ্ড ষ্টাফৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ...