ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি. এড পৰীক্ষাৰ নামত জালিয়াতি কৰাৰ অপৰাধত ডিব্ৰুগড় আৰক্ষীয়ে কালি স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ উপ সভাপতি মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ কৰে। ছাত্ৰগৰাকীয়ে বি. এডৰ যোগ্যতা পৰীক্ষাত পাছ কৰাই দিয়াৰ নামত কেইবাগৰাকীও পৰীক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি বিশ্ববিদ্যালয় কর্তৃপক্ষই স্থানীয় আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিত ছাত্ৰগৰাকীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে এই ঘটনাৰ সৈতে জড়িত আন এজন ছাত্র পলাতক হৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Assamese | July 6, 2026 12:10 PM | Dibrugarh University
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বি. এড পৰীক্ষাৰ নামত জালিয়াতি কৰাৰ অপৰাধত মাধুৰ্য চেতিয়াক গ্ৰেপ্তাৰ