বিজ্ঞান গবেষক ড০ প্রশান্ত কুমাৰ কলিতাৰ দেহাৱসান

বিশ্বৰ বিজ্ঞান জগতত অনবদ্য অবদান আগবঢ়োৱা গবেষক, অসম সন্তান ড০ প্রশান্ত কুমাৰ কলিতাৰ আজি এখন গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। ধুবুৰী জিলাত জন্মগ্রহণ কৰা ড০ প্ৰশান্ত কুমাৰ কলিতাই জাপানৰ এছিয়ান ইনষ্টিটিউট অৱ টেকন’লজীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ আমেৰিকাত গবেষণা কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ আমেৰিকাৰ ইলিনয়িজ বিশ্ববিদ্যালয়ৰ কৃষি অভিযান্ত্রিক বিভাগৰ সহ-অধ্যাপকৰূপে যোগদান কৰে। ইয়াৰ পাছত তেওঁ আমেৰিকাৰ উপৰি কেইবাখনো দেশৰ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল। গ্ল’বেল ৰিচাৰ্ছ মেথোড’লজী জার্নেলৰ উপদেষ্টাকে ধৰি বিভিন্ন পদত অধিস্থিত হোৱা গবেষকগৰাকীৰ মৃত্যুত ধুবুৰী জিলাত শোকৰ ছাঁ পৰিছে।