প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা ছদিনীয়া কাৰ্যসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্রমণ কৰিব। ত্রিদেশীয় ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্রধানমন্ত্রী মোদী তিনিদিনীয়া ভ্রমণসূচীৰে আজি ইণ্ডোনেছিয়াত উপস্থিত হ’ব। এয়া হ’ব শ্রীমোদীৰ চতুৰ্থবাৰৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণ তথা ২০১৮ চনৰ মে’ত সংহত কৌশলগত অংশীদাৰিত্বলৈ দুয়োখন দেশৰ সম্পৰ্ক উন্নীত হোৱাৰ পাছত প্ৰথমটো দ্বিপাক্ষিক ভ্রমণ। ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’অ’ ছুবিয়াণ্ট’ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ লগতে এই অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মূলত জাকার্টাত কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ লগতে ইণ্ডোনেছিয়াৰ সাংস্কৃতিক আৰু ঐতিহাসিক চহৰ য়োগ্যাকাটা ভ্ৰমণ কৰিব। জাকাৰ্টাত শ্রীমোদীয়ে প্রবাসী ভাৰতীয়সকলক উদ্দেশি ভাষণ দিব।
উল্লেখযোগ্য যে ভাৰতৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ সামুদ্রিক খণ্ড মালাক্কা প্রণালীৰ নিৰাপত্তা আৰু স্থিৰতাৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই প্ৰণালী ভাৰত মহাসাগৰীয় ৰাষ্ট্ৰ হিচাপে কেৱল ভাৰতৰ বাবেই নহয় বৰঞ্চ গোলকীয় অৰ্থনীতিৰ বাবেও অতি গুৰুত্বপূর্ণ।
ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্রধানমন্ত্রী মোদী তিনিদিনীয়া কাৰ্যসূচীৰে ৮ জুলাইত মেলবনত উপস্থিত হ’ব। তাত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্তী এন্থনী আলবানেজৰ সৈতে তৃতীয় ভাৰত-অস্ট্রেলিয়া বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় বিশেষকৈ গুৰুত্বপূৰ্ণ খনিজ সম্পদ, চাইবাৰ সুৰক্ষা, যোগান শৃংখলা স্থিতিস্থাপতা, উন্নত প্রযুক্তি আদি সন্দৰ্ভত আলোচনা কৰা হ’ব। শ্রীমোদীয়ে লগতে ভাৰত-অষ্ট্ৰেলিয়া মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত অংশগ্ৰহণ কৰি দুয়োখন দেশৰ শীৰ্ষ ব্যৱসায় নেতাসকলক উদ্দেশি ভাষণ দিব।
ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত তেওঁ দুদিনীয়া সূচীৰে ১০ জুলাইত নিউজিলেণ্ডলৈ যাব। শ্রীমোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্রী ক্রিষ্ট’ফাৰ লাক্সনৰ সৈতে আলোচনাত মিলিত হ’ব। দুয়োগৰাকী নেতাই বিগত ২ দুবছৰত বিশেষ অগ্রগতি লাভ কৰা বাণিজ্য-বিনিয়োগ আৰু প্ৰতিৰক্ষা খণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব। প্রধানমন্ত্ৰীয়ে লগতে দেশখনৰ অগ্ৰণী ব্যৱসায় আৰু ক্ৰীড়াবিদসকলৰ সৈতে মত বিনিময় কৰিব। ভাৰত আৰু নিউজিলেণ্ডৰ জনসাধাৰণৰ মাজৰ শক্তিশালী সম্পৰ্ক প্ৰতিফলিত কৰি প্রধানমন্ত্রী মোদীয়ে প্রবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব।