October 14, 2026 12:56 PM | CM dibrugarh

printer

ডিব্ৰুগড়ত নির্মীয়মান অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ আৰু মাল্টি স্পৰ্টছ কমপ্লেক্স পৰিদৰ্শন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা ডিব্ৰুগড়ত নির্মীয়মান অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটোৰ সঠিক পৰিকল্পনা, বিভাগীয় সমন্বয় আৰু নিৰ্মাণৰ ক্ষেত্ৰত গুণগত মান অক্ষুণ্ণ ৰখাৰ দিশত গুৰুত্ব আৰোপ কৰে। এই চৌহদত মূল বিধানসভা ভৱন, বিধায়ক আৱাস, ৮০০ আসন বিশিষ্ট প্রেক্ষাগৃহকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সা-সুবিধাসমূহ থাকিব। ড০ শৰ্মাই নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। তেওঁ লগতে ইয়াৰ স্থাপত্যই যাতে গণতান্ত্রিক প্ৰতিষ্ঠানৰ মৰ্যাদা প্রতিফলিত কৰে আৰু প্ৰগতিশীল অসমৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰে এই বিষয়ত গুৰুত্ব দিবলৈ লোকনিৰ্মাণ বিভাগক আহ্বান জনায়।

মুখ্যমন্ত্ৰী শৰ্মাই ইয়াৰ পাছত খনিকৰত নির্মীয়মান মাল্টি স্পৰ্টছ কমপ্লেক্স পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ ক্রীড়া আন্তঃগাঁথনিৰ মান অক্ষুণ্ণ ৰাখি নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাসমূহক বিকশাই তোলাৰ উপযোগীকৈ অত্যাধুনিকভাৱে এই ক্রীড়া প্রকল্প গঢ়ি তুলিবলৈ লোকনির্মাণ বিভাগক নির্দেশ দিয়ে।