December 17, 2025 12:56 PM

views 36

ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড় জিলাত বিকাশৰ নতুন প্রভাত কাৰ্যসূচীত অংশগ্রহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাত বিকাশৰ নতুন প্রভাত কার্যসূচীত অংশগ্রহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত তেওঁ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰিব। মুখ্যমন্ত্রী ড০ শর্মাই টিংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ২৩ হাজাৰ ৭৯১ গৰাকী মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰিব। তদুপৰি তেওঁ মৰাণত ১২ কোটি ৩২ লাখ টকা ব্যয়ৰে নিৰ্মাণ হোৱা অভয়পুৰ গ্ৰাম্য ক্রীড়া প্রকল্প উদ্বোধন কৰিব। আনহাতে মুখ্যমন...

October 10, 2025 7:06 PM

views 49

মুখ্যমন্ত্রী উদ্যমিতা অভিযানৰ অধীনত ১৪, ০২৫ গৰাকী হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ চেক বিতৰন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১৪ হাজাৰ ২৫ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। ইয়াৰে সাত হেজাৰ ৭৭০ গৰাকী মহিলা হিতাধিকাৰী গ্ৰামাঞ্চলৰ আৰু ছহেজাৰ ২৪৮ গৰাকী নগৰাঞ্চলৰ হিতাধিকাৰী আছে। আজি চেক বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ কেইবাগৰকীও মন্ত্রী আ...

October 8, 2025 11:50 AM

views 48

ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব

চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি উজনি অসমত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব। এই পৰীক্ষণ কেন্দ্ৰটোৰ জৰিয়তে যান-বাহন উপযোগিতাৰ দ্ৰুত পৰীক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ'ব। মুখ্যমন্ত্রী ড০ শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই ক্লাব খেলপথাৰত এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি তেওঁ বিধানসভা সমষ্টিটোৰ মুঠ ১৪ হাজাৰ ৩০৬ গৰাকী মহি...

July 25, 2025 7:55 PM

views 34

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ড০ শৰ্মাই সমষ্টিটোত পদপথ উৰণ সেতুৰ প্ৰয়োজনীয়তা আৰু যোগাযোগ সম্পৰ্কীয় সমস্যা, অসম মালা আঁচনিৰ অগ্ৰগতি, আদর্শ অংগনবাড়ী কেন্দ্রসমূহত মানৱ সম্পদৰ সম্প্ৰসাৰণ, প্ৰধানমন্ত্ৰী শস্য বীমা যোজনাত হিতাধিকাৰীৰ অনুৰ্ভুক্তিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তেওঁৰ চাৰি দিনীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনটোত আজি মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে এখন গ...

July 23, 2025 8:32 PM

views 53

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অসম আৰক্ষীৰ নতুন থানা, বেৰেক, চাইবাৰ থানা নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী নামৰ ছ'চাইটীক ১৫০ কোটি টকা দিবলৈ অনুমোদন জনোৱা হয়। অহা ১২ আগষ্টত ১০ খন সমজিলাৰ কাম আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অধীক্ষকৰ ১০টা পদ সৃষ্টিতো মন্ত্রীসভাই অনুমোদন জনায়। শিক্ষাখণ্ডৰ বাবে বিশ্ববেংকৰ পৰা ২,৭৫০ কোটি টকা ঋণ ল'বলৈয়ো আ...

June 30, 2025 6:38 PM

views 43

গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব'ৰ্ড আৰু ৫খন বেডমিণ্টন ক’ৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্রীড়া ক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী শৰ্মাই আজি গোলাঘাট চৰকাৰী বেজ...

June 16, 2025 1:32 PM

views 36

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা বৈঠক

দুদিনীয়া ভ্রমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মাজুলী আৰু মাহমৰা বিধানসভা সমষ্টিত ৰূপায়িত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত সুকীয়া সুকীয়াকৈ পর্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে মাজুলীৰ যাতায়াত ব্যৱস্থাৰ বুজ লৈ লোহিত নৈত দলং নিৰ্মাণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ বিশ্ববেংকৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰিবলগীয়া ৯ খন দলঙৰ কামো শীঘ্ৰে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। মাজুলী...

June 14, 2025 11:42 AM

views 51

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এ এম চি এইছ চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব

স্বাস্থ্য সেৱাৰ উন্নয়নৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ জেইল ৰোডত এ এম চি এইছ চিটী হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব। বিশ্ব বেংকৰ সাহায্য প্রাপ্ত এছিষ্ট প্ৰকল্পৰ অধীনত ২০৬ কোটি টকা ব্যয় সাপেক্ষে ২৮ হাজাৰ ৮৪৪ বৰ্গ মিটাৰ এলেকাজুৰি এই হাস্পতালখন নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে ডিব্ৰুগড়ৰ ফুল বাগানৰ পুৰণি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চিকিৎসা, শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু উদ্যোগ,...

April 28, 2025 12:31 PM

views 41

ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে মর্যাদা প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্রীৰ ঘোষণা

ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে মর্যাদা প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূৰ্ণ অঞ্চল কনভয় ৰোড আৰু পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা উৰণ সেতু আৰু থানা চাৰিআলিৰ-চৌকিডিঙি চাৰিআলিৰ মাজৰ মানকটা পথৰ নৱনিৰ্মিত উৰণ সেতু উদ্বোধন কৰি কালি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় আৰু অসম সচিবালয় নিৰ্মাণৰ কাম অহা ছেপ্তেম্বৰত আৰম্ভ কৰা হ'ব। জিলাখনত বিধানসভা ভৱন, পোন্ধৰশ ব্যক্তি একেলগে বহিব প...

April 25, 2025 8:02 PM

views 42

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটা অঞ্চলত ডিব্ৰু নৈৰ বাঢ়নি পানীত পৰি এজন যুৱক সন্ধানহীন

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বিন্ধাকটা অঞ্চলত ডিব্ৰু নৈৰ বাঢ়নি পানীত পৰি এজন যুৱক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে। বিন্ধাকটা গেৰেকী নেপালী গাঁৱৰ শংকৰ মুৰা নামৰ যুৱকজনৰ সন্ধানত এছ ডি আৰ এফে অভিযান চলাই আছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।