মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি ডিব্ৰুগড় সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ চেক বিতৰন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১৪ হাজাৰ ২৫ গৰাকী হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰে। ইয়াৰে সাত হেজাৰ ৭৭০ গৰাকী মহিলা হিতাধিকাৰী গ্ৰামাঞ্চলৰ আৰু ছহেজাৰ ২৪৮ গৰাকী নগৰাঞ্চলৰ হিতাধিকাৰী আছে। আজি চেক বিতৰণ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ কেইবাগৰকীও মন্ত্রী আৰু বিধায়ক উপস্থিত থাকে।
Assamese | October 10, 2025 7:06 PM | CM dibrugarh
মুখ্যমন্ত্রী উদ্যমিতা অভিযানৰ অধীনত ১৪, ০২৫ গৰাকী হিতাধিকাৰীক চেক প্ৰদান