July 6, 2026 6:25 PM

views 7

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি স্থায়ী সমাধানৰ দাবী জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত পৰিষদে এই সন্দৰ্ভত অৱস্থান ধৰ্মঘট আদি কাৰ্যসূচী হাতত লৈছে। বজালী জিলা সমিতিয়ে জিলা আয়ুক্তৰ জৰিয়তে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বি...

July 6, 2026 6:23 PM

views 6

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব

ৰাজ্যৰ বন বিভাগে কাইলৈ বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰিয়া সমষ্টিতো কাইলৈ এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বন বিভা...

July 6, 2026 6:16 PM

views 9

আজিৰে পৰা অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশন

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯.৩০ বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰ...

July 6, 2026 12:57 PM

views 8

দুলীয়াজান শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত

ডিব্ৰুগড় জিলাৰ দুলীয়াজান শাখা লেখিকা সংস্থাৰ দ্বাদশ দ্বি-বার্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে দুলীয়াজানৰ ৰ’টাৰী সমূহীয়া কেন্দ্ৰত অনুষ্ঠিত হয়। পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা অধিৱেশনত পৰৱৰ্তী কার্যকালৰ বাবে মিতালী মহন্তক সভাপতি আৰু ছায়ামণি দত্তক সম্পাদক হিচাপে ল...

July 6, 2026 12:54 PM

views 42

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ মেক্সিকোক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত ইংলেণ্ডে মেক্সিকোৱে ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত যোৱা নিশা নৰৱেই পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্রাজিলক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰোমান্সকৰ খে...

July 6, 2026 12:50 PM

views 15

আই চি চি মহিলা টি-২০ বিশ্বকাপ প্রতিযোগিতাৰ ফাইনেলত অস্ট্রেলিয়াৰ ইংলেণ্ডক ৭ উইকেটত পৰাস্ত

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা লৰ্ডছত অনুষ্ঠিত ফাইনেলত অস্ট্রেলিয়াই ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি খিতাপ জয় কৰে। অষ্ট্ৰেলিয়াই ১৫১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ এটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্রম কৰে। অষ্ট্ৰেলিয়াৰ হৈ বেথ মুনীয়ে সৰ্বাধিক ...

July 6, 2026 12:47 PM

views 18

বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কেইবাটাও বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত বিৰোধীৰ সদন ত্যাগ

ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয় ক্রমশঃ বন্ধ হোৱা, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰা আদি বিভিন্ন বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছ আৰু ৰাইজৰ দলসহ বিৰোধীয়ে সদন ত্যাগ কৰে। আজি অধিৱেশনৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ...

July 6, 2026 12:27 PM

views 6

ভাৰতৰ অধ্যক্ষতাত গ্রাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞ সকলৰ নৱম অধিৱেশন

ভাৰতে ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হ'বলগীয়া গ্রাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞ সকলৰ নৱম অধিৱেশনত অধ্যক্ষতা কৰিব। আজিৰে পৰা ৮ জুলাইলৈ এই অধিৱেশন অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন- ইউ এন চি টি এ ডিৰ উদ্যোগত এই অধিৱেশনৰ আয়োজন কৰা হৈছে। সদস্য ৰাষ্ট্ৰ, আন্তঃৰাষ্...

July 6, 2026 12:22 PM

views 19

আজি কোচিত ভাৰতৰ অধ্যক্ষতাত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক

ভাৰতৰ অধ্যক্ষতাত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক আজি কেৰালাৰ কোচিত আৰম্ভ হ'ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রকাশ কৰা মতে, বৈঠকত ব্ৰীকছ সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে অংশগ্রহণ কৰিব। বিষয়াসকলে বিভিন্ন খণ্ডত মহিলাৰ সৱলিকৰণ আৰু মহিলা নেতৃত্বাধীন বিকাশৰ সৈতে সম্পর্কিত ব...

July 6, 2026 12:20 PM

views 6

নতুন দিল্লীত আজি সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্রতিষ্ঠা দিৱসত অমিত শ্বাহৰ অংশগ্ৰহণ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ পঞ্চম প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। সহযোগিতাৰে সমৃদ্ধি দৃষ্টিভংগীৰে প্ৰতিষ্ঠা দিৱস সমাৰোহ উদযাপিত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই উপলক্ষে শ্ৰীশ্বাহে বিভিন্ন পদক্ষেপ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত ...