ভাৰতে ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত হ’বলগীয়া গ্রাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞ সকলৰ নৱম অধিৱেশনত অধ্যক্ষতা কৰিব। আজিৰে পৰা ৮ জুলাইলৈ এই অধিৱেশন অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন- ইউ এন চি টি এ ডিৰ উদ্যোগত এই অধিৱেশনৰ আয়োজন কৰা হৈছে। সদস্য ৰাষ্ট্ৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ, শিক্ষাবিদ আৰু অন্যান্য অংশীদাৰসকলক এই অধিৱেশনে একত্ৰিত কৰি লোৱা সুৰক্ষা আইন আৰু নীতি সম্পৰ্কীয় ন-ন বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ সুযোগ দিব বুলি গ্ৰাহক পৰিক্ৰমা আৰু খাদ্য তথা ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্রকাশ কৰিছে। আন্তঃচৰকাৰী বিশেষজ্ঞ গোট হৈছে গ্ৰাহক সুৰক্ষা আইন আৰু নীতি সম্পর্কে আলোচনাৰ মূল মঞ্চ। গ্রাহক সুৰক্ষা বিভাগৰ সচিব নিধি খাড়েই এই অধিৱেশনত অধ্যক্ষতা কৰিব। আন্তঃৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা ক্ষেত্ৰত ল’বলগীয়া অগ্ৰাধিকাৰমূলক ব্যৱস্থাসমূহৰ বিষয়ে এই তিনিদিনীয়া অধিৱেশনত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন আলোচনা-বিলোচনাত সচিবগৰাকীয়ে অধ্যক্ষতা কৰিব।
Assamese | July 6, 2026 12:27 PM | switzerland
ভাৰতৰ অধ্যক্ষতাত গ্রাহক সুৰক্ষা আইন আৰু নীতি সম্পৰ্কে আন্তঃচৰকাৰী গোটৰ বিশেষজ্ঞ সকলৰ নৱম অধিৱেশন