July 6, 2026 12:22 PM | Kochi

printer

আজি কোচিত ভাৰতৰ অধ্যক্ষতাত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক

ভাৰতৰ অধ্যক্ষতাত ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা কাৰ্যগোটৰ দুদিনীয়া বৈঠক আজি কেৰালাৰ কোচিত আৰম্ভ হ’ব। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্রকাশ কৰা মতে, বৈঠকত ব্ৰীকছ সদস্য ৰাষ্ট্ৰৰ শীৰ্ষ চৰকাৰী বিষয়াসকলে অংশগ্রহণ কৰিব। বিষয়াসকলে বিভিন্ন খণ্ডত মহিলাৰ সৱলিকৰণ আৰু মহিলা নেতৃত্বাধীন বিকাশৰ সৈতে সম্পর্কিত বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত আলোচনাত ভাগ লব। উল্লেখযোগ্য যে ব্রীকছ মহিলা ট্রেকে ৪টা মুখ্য বিষয়ক অগ্রাধিকাৰ দিছে। এইসমূহ হৈছে প্ৰশাসন আৰু নেতৃত্বত মহিলা, মহিলাৰ ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণ, মহিলা উদ্যমিতা আৰু কৌশল বিকাশ তথা জলবায়ু কাৰ্যকৰিতা, খাদ্য সুৰক্ষা আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা। এই বৈঠকে অহা ৮ আৰু ৯ জুলাইত হ’বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলা মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ বাবে শক্তিশালী ভেটি গঢ়ি তুলিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।