ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয় ক্রমশঃ বন্ধ হোৱা, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰা আদি বিভিন্ন বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছ আৰু ৰাইজৰ দলসহ বিৰোধীয়ে সদন ত্যাগ কৰে। আজি অধিৱেশনৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কর্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফেও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰৱ হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে। কিন্তু অধ্যক্ষই এই কেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ’ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে।
ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা চাৰে ৯ বজাত প্রশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ’ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্রথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব।
ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে গুৱাহাটী আৰু শিৱসাগৰ নগৰৰ কৃত্ৰিম বানৰ বিষয়ত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে বিধানসভালৈ লাইফ জেকেট পৰিধান কৰি আহে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিধায়কগৰাকীয়ে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাত চৰকাৰ বিফল হোৱা বুলি অভিযোগ তোলে।