July 7, 2026 1:06 PM

views 33

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়াত আলোচনা

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন। পুৱা চাৰে ৯ বজাত সদনৰ দ্বিতীয় দিনৰ কামকাজ আৰম্ভ হৈছে। ড্ৰাগছমুক্ত অসমকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আজি সদনত আলোচনা অনুষ্ঠিত হয়। সদন পৰিচালনা নিয়মাৱলীৰ ৩০১ নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব। কালিৰে পৰা অনুষ্ঠিত ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। বিধায়...

July 6, 2026 12:47 PM

views 26

বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কেইবাটাও বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত বিৰোধীৰ সদন ত্যাগ

ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয় ক্রমশঃ বন্ধ হোৱা, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰা আদি বিভিন্ন বিষয়ৰ আলোচনা বিচাৰি ব্যৰ্থ হোৱাৰ পাছত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছ আৰু ৰাইজৰ দলসহ বিৰোধীয়ে সদন ত্যাগ কৰে। আজি অধিৱেশনৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কর্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফ...

January 17, 2026 7:04 PM

views 55

১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন ১৬ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব। বিধানসভা সচিবালয়ে এই সন্দর্ভত অধিসূচনা জাৰি কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে এইবেলি পূর্ণাঙ্গ বাজেটৰ পৰিৱৰ্তে লেখানুদান দাখিল কৰা হ'ব।

November 26, 2025 6:58 PM

views 95

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনা ১৫ খন ন-পুৰণি বিধেয়ক সদনত উত্থাপন হয়। ইয়াৰ ভিতৰত ৩ খন নতুন আৰু ১২ খন সংশোধনী বিধেয়ক আছে। সদনত উত্থাপন হোৱা নতুন বিধেয়ক অনুসৰি ৰাজ্যত নেৰিম আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ নামেৰে দুখন নতুন বিশ্ববিদ্যালয় হ'ব। আজি সদনত অপ্ৰাদেশিকীকৃত শিক্ষক-কর্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ সংশোধনী বিধেয়ক উত্থাপন কৰা হয়। অপ্ৰাদেশিকীকৃত শিক্ষক-কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ বাবে পূৰ্বতে আইনত থকা চৰ্তসমূহৰ অধিকাংশ চৰ্ত শিথিলকৰণৰ বাবে আজি সদনত উত্থাপন হোৱা এই ২০২৫ৰ নিৰ্দিষ...

November 4, 2025 6:39 PM

views 112

অহা ২৫ নৱেম্বৰৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশন আৰম্ভ

অসম বিধানসভাৰ শীতকালীন অধিবেশন অহা ২৫ নৱেম্বৰৰ পৰা দিছপুৰত আৰম্ভ হ'ব। অহা ২৯ নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ ৫টা কর্মদিন থাকিব। অধিৱেশনৰ আৰম্ভণিৰ দিনা বিগত অধিৱেশনৰ পৰৱৰ্তী কালত দেহাৱসান ঘটা প্রাক্তন সদস্য আৰু ৰাজ্য আৰু দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্রদ্ধা তর্পণ কৰা হ'ব। সেইদিনাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিবেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। ২৮ নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেউটাদিনতে প্রশ্নোত্তৰ কাল থাকিব। আমাৰ ব...

November 1, 2025 12:03 PM

views 83

অহা ২৫ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশন আৰম্ভ

অহা ২৫ নৱেম্বৰত আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশন পাঁচ দিন ধৰি চলিব। অসম বিধানসভাৰ কার্যক্রমণিকা উপদেষ্টা সমিতিৰ এখন বৈঠকত কালি এই সিদ্ধান্ত লোৱা হয়। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত উপদেষ্টা সমিতিৰ বৈঠকত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকল উপস্থিত থাকে। বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি অহা ২৫, ২৬, ২৭, ২৮ আৰু ২৯ নৱেম্বৰত শীতকালীন অধিবেশন চলিব। উল্লেখযোগ্য যে, ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূ...

October 26, 2025 7:32 PM

views 85

২৫ নৱেম্বৰত অসম বিধানসভাৰ শীতকালীন অধিৱেশন

অসম বিধানসভাৰ শীতকালীন অধিৱেশন অহা ২৫ নৱেম্বৰত আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া এইবাৰৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ উপৰি গুৰুত্বপূৰ্ণ প্রতিবেদন দাখিল কৰা হ'ব। ৰাজ্য চৰকাৰে বিধানসভাৰ শীতকালীন অধিবেশনত লাভ জেহাদ, বহু বিবাহৰ বিৰুদ্ধে বিধেয়ক আৰু সত্ৰৰ সংৰক্ষণ সন্দৰ্ভত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে এই বিষয়ে প্রকাশ কৰিছে। তদুপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রীগোটৰ প্ৰতিবেদনৰ লগতে নেলী হত্যাকাণ...

March 22, 2025 12:12 PM

views 66

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ তৎপৰতা

ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা প্রশিক্ষণ প্রতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰ বিশেষ তৎপৰ হৈ পৰিছে। অসম বিধানসভাত কালি দি আছাম ক’চিং ইনষ্টিটিউট কন্ট্র’ল এণ্ড ৰেগুলেচন বিল, ২০২৫ উত্থাপন কৰা হয়। বিধেয়কখনৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে কল্যাণমূলক নিয়ন্ত্ৰণ ব্যৱস্থাও গঢ়ি তোলা হ’ব। এই বিধেয়ক অনুসৰি প্ৰতিটো প্ৰশিক্ষণ প্রতিষ্ঠান খুলিবলৈ আগ্রহী ব্যক্তিয়ে সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ ওচৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগিব। লগতে বর্তমানে চলি থকা প্রশিক্ষণ প্রতিষ্ঠানসমূহেও বিধেয়কখন গৃহীত হোৱাৰ ৩০ দিনৰ ভ...

March 22, 2025 12:08 PM

views 68

অসম বিধানসভাত কালি মুঠ ১৫ খন বিধেয়ক উত্থাপন

 অসম বিধানসভাত কালি মুঠ চাৰিখন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে - শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, নর্থ লখিমপুৰ বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ বাবে মুঠ ৮ খন সংশোধনী বিধেয়ক উত্থাপন কৰে। ডাঃ পেগুৱে...

March 21, 2025 7:37 PM

views 81

অসম বিধানসভাত ৪খন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন

অসম বিধানসভাত আজি চাৰিখন নতুন বিধেয়ক আৰু এঘাৰখন সংশোধনী বিধেয়ককে ধৰি মুঠ ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ বাবে মুঠ ৮ খন সংশোধনী বিধেয়ক উত্থাপন কৰে। এই সংশোধনীৰ জৰিয়তে নতুনকৈ বিশ্ববিদ্যালয়লৈ উন্নীত...