March 21, 2025 6:49 PM

views 68

অসম বিধানসভাৰ দ্বাদশ দিনাও শাসক বিৰোধীৰ মাজত বিভিন্ন বিষয় লৈ বিতৰ্ক অনুষ্ঠিত

অসম বিধানসভাত আজি বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্রিবেদীয়ে কালি ৰাজ্যসভাত ধুবুৰী জিলাক বাংলাদেশৰ অংশ বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি সাংসদগৰাকীৰ বিৰুদ্ধে এটা ভর্ৎসনা প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচাৰে। সদনৰ শূন্য কালত বিষয়টো উত্থাপন কৰি বিৰোধী দলপতি শ‍ইকীয়াই কয়, যে ধুবুৰী জিলাৰ পৰা ভালেসংখ্যক স্বাধীনতা সংগ্ৰামীয়ে দেশৰ হকে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল আৰু সাংসদগৰাকীৰ এনে মন্তব্যই সমগ্ৰ ধুবুৰীবাসীৰ লগতে অসমবাসীকো অপমানিত কৰিছে। যদি কোনো বাংলাদেশী নাগৰিক জিলাখ...

March 5, 2025 12:51 PM

views 57

প্রশ্নোত্তৰ শিতানেৰে অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি সপ্তম দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ

অসম বিধানসভাৰ বাজেট অধিবেশনৰ আজি সপ্তম দিনৰ কাৰ্যক্ৰমণিকা প্রশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়। প্রশ্নোত্তৰ কালত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই ৰাজ্যত যোৱা ৩১ জানুৱাৰী পৰ্যন্ত ১ লাখ ৬৫ হাজাৰ ৯৯২জন বিদেশী নাগৰিক চিনাক্ত কৰা বুলি আৰু ইয়াৰে ৩০ হাজাৰ ১১৫জনক নিজ দেশলৈ ঘূৰাই পঠিওৱা বুলি প্ৰকাশ কৰে।

March 4, 2025 7:51 PM

views 49

বিধানসভাত লালদুহমাৰ ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন

মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহমাই আজি ৰাজ্য বিধানসভাত ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী লালদুহমাই উত্থাপন কৰা এই বাজেটত মুঠ ১৫ হাজাৰ ১৯৮ কোটি টকাৰ ব্যয় ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত ১২ হাজাৰ ৫৪০ কোটি ২০ লাখ টকাৰ ৰাজহ ব্যয় শিতানত ধাৰ্য্য কৰা হৈছে। এই পৰিমাণ পৰৱৰ্তী বিত্তীয় বছৰৰ সৰ্বমুঠ বাজেট আৱণ্টনৰ ৮২ দশমিক ৫-১ শতাংশ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাজেট ভাষণত উল্লেখ কৰে। ইয়াৰ বিপৰীতে মুলধনী শিতানত মুঠ ৩ হাজাৰ ৫১২ কোটি ৩৩ লাখ টকাৰ ব্যয় ধাৰ...

March 4, 2025 7:26 PM

views 68

এটা বিশেষ সম্প্রদায়ক লৈ অশোক সিংহলে দিয়া মন্তব্যক লৈ আজি অসম বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীয়ে এটা সম্প্ৰদায়ৰ প্ৰতি অসন্মানজনক মন্তব্য কৰা বুলি অভিযোগ কৰি বিৰোধী এ আই ইউ ডি এফে তেওঁৰ পদত্যাগৰ দাবী জনোৱাৰ লগতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপনৰ দাবী অধ্যক্ষই প্রত্যাক্ষান কৰাক লৈ আজি অসম বিধানসভাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। আজি সদনত প্রশ্নোত্তৰ কালৰ পাছতে এ আই ইউ ডি এফৰ সদস্য ৰফিকুল ইছলাম আৰু অন্যান্যসকলে মন্ত্রী অশোক সিংহলে এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰসংগ উত্থাপন কৰে আৰু বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচ...

February 18, 2025 1:20 PM

views 51

প্ৰথম দিনৰ কাৰ্যসূচীৰে কালি কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশন

বিত্তমন্ত্রী অজন্তা নেওগে বিধানসভাত ১০ মাৰ্চত ৰাজ্যিক বাজেট দাখিল কৰিব। এইখন হ'ব ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালৰ শেষৰখন পূৰ্ণাংগ বাজেট। কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি প্ৰথম দিনাৰ কাৰ্যক্ৰমণিকা অনুষ্ঠিত হোৱাৰ পাছত কাইলৈৰপৰা দিছপুৰৰ বিধানসভা ভৱনত অধিৱেশনৰ পৰৱৰ্তী কার্যক্রমণিকা অনুষ্ঠিত হ'ব। বিৰোধী দলসমূহে সদনত মূল্যবৃদ্ধি, আইন-শৃংখলা পৰিস্থিতি, দুর্বল আন্তঃগাঁথনি আৰু অসামৰিক যোগানকে ধৰি বিভিন্ন বিষয়ত চৰকাৰক আক্ৰমণৰ বাবে ৰণনীতি তৈয়াৰ কৰিছে। অসম বিধানসভা সচিবালয...

August 22, 2024 7:21 PM

views 56

অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত

বিৰোধীৰ দুবাৰকৈ সদন ত্যাগ, সদন স্থগিত প্ৰস্তাৱ উত্থাপনৰ মাজেৰে অসম বিধানসভাৰ শৰৎকালীন অধিবেশন আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ মাজতে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ সৰ্বাংগীন সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। প্রশ্নোত্তৰ কালেৰে আৰম্ভ হোৱা অধিবেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে সকলো ধৰণৰ চাকৰিত এতিয়াৰেপৰা চাহ জনগোষ্ঠীৰ বাবে ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বিষয়ে ঘোষণা কৰে। চাহ-বাগিচা অঞ্চলৰ বাট-পথৰ উন্নয়নৰ বাবে ৯০০ কোটি টকা ধাৰ্য ...

August 20, 2024 8:02 PM

views 61

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ বাবে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নির্বাচনৰ বাবে আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে ৷ ছিদলী, ছামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্রকাশ কৰা হয়। প্রকাশিত তালিকা অনুসৰি ২০ আগষ্টলৈ ছিদলী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২ লাখ ১৬ হাজাৰ ৯৯০ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটদাতা এক লাখ ৭ হাজাৰ ৯৯৭ গৰাকী। আনহাতে মহিলা ভোটদাতাৰ সংখ্যা এক লাখ ৮৯ হাজাৰ ৮৯ গৰাকী। সমষ্টিটোত ৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে ৷ ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ ২৭৩টা। আনহাতে ছামগুৰি সমষ্ট...

June 28, 2024 7:57 PM

views 53

দুদিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ সন্মিলন

অসম বিধানসভাৰ উদ্যোগত ৰাজ্যৰ স্বায়ত্ব শাসিত পৰিষদসমূহৰ এখন সন্মিলন আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিছপুৰৰ অসম বিধানসভাত অনুষ্ঠিত হৈছে। ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা সন্মিলনখনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে স্বায়ত্ব শাসিত পৰিষদসমূহক শক্তিশালী আৰু কৰ্মদক্ষ কৰা, কামকাজ পৰিচালনা শৃংখলিত কৰাৰ বাবে বিধি প্ৰস্তুত কৰা, পৰিষদসমূহৰ বিভাগীয় কামকাজসমূহ সহজে আৰু আইন অনুসৰি সম্পন্ন কৰাৰ বাবে বিধি প্ৰস্তুত কৰা আদি উদ্দেশ্যেৰে এ...