ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়াত আলোচনা

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন। পুৱা চাৰে ৯ বজাত সদনৰ দ্বিতীয় দিনৰ কামকাজ আৰম্ভ হৈছে। ড্ৰাগছমুক্ত অসমকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আজি সদনত আলোচনা অনুষ্ঠিত হয়। সদন পৰিচালনা নিয়মাৱলীৰ ৩০১ নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ’ব। কালিৰে পৰা অনুষ্ঠিত ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ’ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰিব। অহা ৩১ জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে।

ইফালে, ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ কৰে।

কালি অধিৱেশনৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে, ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফো বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰৱ হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভাস্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে। কিন্তু অধ্যক্ষই এই কেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ’ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ কৰে।

সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ড° হাবে টেৰণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বিপিএফ দলে ড° টেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্রতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নির্বাচিত হয়। সদনত কালি কেইবাখনো প্রতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্রী আৰু সেৱা কৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়।