অসম বিধানসভাত কালি মুঠ চাৰিখন নতুন বিধেয়ক আৰু ১১খন সংশোধনী বিধেয়ককে ধৰি ১৫ খন বিধেয়ক উত্থাপন কৰা হয়। আমাৰ পূৰ্বৰ বাতৰিতে কোৱা হৈছে যে – শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ নতুনকৈ উন্নীত কৰা বঙাইগাঁও বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, নর্থ লখিমপুৰ বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ বাবে মুঠ ৮ খন সংশোধনী বিধেয়ক উত্থাপন কৰে। ডাঃ পেগুৱে অসম ব্যক্তিগত বিশ্ববিদ্যালয় সংশোধনী বিধেয়কো উত্থাপন কৰে। ইপিনে, দ্বিতীয় এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি দৰং জিলাত মা কামাখ্যা বিশ্ববিদ্যালয়, তিনিচুকীয়াত এডটেক দক্ষতা বিশ্ববিদ্যালয় আৰু বিটিআৰত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়কে ধৰি মুঠ ৩ খন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে কালি বিধানসভাত ৩ খন বিধেয়ক উত্থাপন কৰে ৷
Assamese | March 22, 2025 12:08 PM | Assam Legislative Assembly
অসম বিধানসভাত কালি মুঠ ১৫ খন বিধেয়ক উত্থাপন