July 6, 2026 12:50 PM | ICC Cricket

printer

আই চি চি মহিলা টি-২০ বিশ্বকাপ প্রতিযোগিতাৰ ফাইনেলত অস্ট্রেলিয়াৰ ইংলেণ্ডক ৭ উইকেটত পৰাস্ত

আই চি চি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত যোৱা নিশা লৰ্ডছত অনুষ্ঠিত ফাইনেলত অস্ট্রেলিয়াই ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি খিতাপ জয় কৰে। অষ্ট্ৰেলিয়াই ১৫১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ এটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্রম কৰে। অষ্ট্ৰেলিয়াৰ হৈ বেথ মুনীয়ে সৰ্বাধিক ৬৪ ৰান কৰে। বেথ মুনীক প্লেয়াৰ অৱ দা মেচ প্লেয়াৰ অৱ দা টুর্নামেণ্ট ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত নেট শ্বাইভাৰ ব্ৰাণ্টৰ ৫৮ আৰু ফ্ৰেয়া কেম্পৰ ৪৪ ৰানৰ সহায়ত ১৫০ ৰান সংগ্ৰহ কৰে।