July 6, 2026 7:33 PM

views 13

আলফাৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত টিংখাং আৰক্ষীয়ে মনদীপ চাংমাই নামৰ এজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰে

ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত চাংমাই গাঁৱৰ পৰা আলফাৰ সৈতে সম্পৰ্ক থকাৰ অপৰাধত আজি টিংখাং আৰক্ষীয়ে মনদীপ চাংমাই নামৰ এজন লোকক জেল হাজোতলৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যুৱকজনক আটক কৰাৰ পাছত তদন্ত কৰে। তদন্ত প্ৰক্ৰিয়াৰ অন্তত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও...

July 6, 2026 7:31 PM

views 12

গোলাঘাটৰ মেৰাপানীৰ সৰুপানী অঞ্চলত নাগালেণ্ড প্ৰশাসনৰ লোকে ৩০০টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি

অসম-নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ সৰুপানী অঞ্চলত আজি নাগালেণ্ড প্ৰশাসনৰ লোকে ৩০০টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে দাবী কৰা মতে অসমৰ ভুখণ্ডত নাগালেণ্ড প্রশাসনে চলোৱা এই কাৰ্যত অঞ্চলটোৰ আবাসীসকলৰ মাজত অসন্তোষ পৰিলক্ষিত হয়। আনহাতে,...

July 6, 2026 7:05 PM

views 11

গোলাঘাটত আজি বিশ্ব জুন’ছিছ দিৱস পালন

গোলাঘাটত আজি বিশ্ব জুন’ছিছ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বহিঃবিভাগত এটা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীক, ৰোগীৰ আত্মীয়-অভিভাৱক তথা সাধাৰণ ৰাইজৰ মাজত জুনছিছ অৰ্থাৎ পশুৰ পৰা মানুহলৈ সংক্ৰম...

July 6, 2026 7:32 PM

views 9

ধেমাজিৰ শেহতীয়া বান আৰু গৰাখহনীয়াৰ ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনত দৃষ্টি আকৰ্ষণ

ধেমাজি জিলাত হোৱা শেহতীয়া বান আৰু গৰাখহনীয়াৰ ফলত হোৱা ক্ষতি সন্দৰ্ভত বিস্তৃত তথ্য দাঙি ধৰি আজি জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। জোনাইৰ দিখাৰী, চিমেন, ছিলে আদি পাহাৰীয়া নৈৰ ভয়ংকৰ বানত ক্ষতি হোৱা জিলাখনৰ ভালেসংখ্যক গাঁৱৰ পৰিৱেশ স্বাভাৱিক হোৱা নাই বুলি বিধায়ক...

July 6, 2026 6:54 PM

views 9

অসম বিধানসভাৰ বাজেট অধিৱেশনত বিধায়ক ডাঃ হাব্বে টেৰণ উপাধ্যক্ষ নির্বাচিত

ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯.৩০ বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই ২১ দিনীয়া অধিৱেশনত মুঠ ১৬ খন বৈঠক অনুষ্ঠিত হ'ব। বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ১০ জুলাইত ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূর্ণাংগ বাজেট উত্থাপন কৰ...

July 6, 2026 6:45 PM

views 7

গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰীকছ ৰাষ্ট্ৰৰ মাদক দ্রব্য বিৰোধী সংস্থাসমূহৰ মুৰব্বীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্রব্য নিয়ন্ত্রণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত...

July 6, 2026 6:39 PM

views 12

পাঁচবাৰৰ চেম্পিয়ন ব্রাজিলে অপ্রত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পৰা বিদায়

পাঁচবাৰৰ চেম্পিয়ন ব্রাজিলে অপ্রত্যাশিতভাৱে ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পৰা বিদায় লৈছে। যোৱা নিশা নৰৱেৰ বিৰুদ্ধে খেলা প্রি-কোৱাৰ্টাৰ ফাইনেলত ২-১ গ'লৰ ব্যৱধানত ব্ৰাজিল পৰাস্ত হয়। এই জয়ৰ জৰিয়তে নৰৱে বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। নৰৱেৰ বিৰুদ্ধে পৰাজয়ৰ পাছতে ব্...

July 6, 2026 6:34 PM

views 3

ওদালগুৰিৰ খৈৰাবাৰীত গাঁওৰক্ষী বাহিনীৰ সভা অনুষ্ঠিত

ওদালগুৰি জিলাৰ খৈৰাবাৰীত আজি গাঁওৰক্ষী বাহিনীৰ এখন সভা অনুষ্ঠিত হয়। ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাত গাঁওৰক্ষী বাহিনীৰ সদস্যসমূহক সক্ৰিয় হৈ অসামাজিক কাম-কাজৰ ওপৰত সতর্কদৃষ্টি ৰাখিবলৈ উৎসাহিত কৰা হয়। সভাত চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা ছাতি সদস্যসকলৰ মাজত বিতৰণ কৰা হয়৷

July 6, 2026 6:32 PM

views 10

কোকৰাঝাৰত সৰলভাঙা নদীৰ পাৰত দুষ্প্ৰাপ্য গুঁই সাপ নিধনৰ অপৰাধত দুজন ব্যক্তিক গ্ৰেপ্তাৰ

কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু চিনা জহোলাউ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা সৰলভাঙা নদীৰ পাৰত দুষ্প্ৰাপ্য গুঁই সাপ নিধনৰ অপৰাধত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। সীমা সশস্ত্র বাহিনীৰ জোৱান আৰু উল্টাপানী বন সংমণ্ডলৰ কৰ্মচাৰীৰ যুটীয়া অভিযানত যোৱা নিশা ব্যক্তি দুজনক গ্ৰেপ্তাৰ কৰা হয়। দুয...

July 6, 2026 6:29 PM

views 6

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ ভকত গুৰুতৰভাৱে অসুস্থ হৈ কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে যোৱা প্ৰায় এসপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা সত্ৰাধি...