অসম-নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাট জিলাৰ মেৰাপানীৰ সৰুপানী অঞ্চলত আজি নাগালেণ্ড প্ৰশাসনৰ লোকে ৩০০টা পৰিয়ালৰ পিয়ল কৰা কাৰ্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্থানীয় লোকে দাবী কৰা মতে অসমৰ ভুখণ্ডত নাগালেণ্ড প্রশাসনে চলোৱা এই কাৰ্যত অঞ্চলটোৰ আবাসীসকলৰ মাজত অসন্তোষ পৰিলক্ষিত হয়।
আনহাতে, পিয়ল কৰিবলৈ অহা লোকসকলে স্থানীয় লোকসকলক নাগালেণ্ডৰ ফালৰ পৰা বিদ্যুৎ যোগানসহ বিভিন্ন সা-সুবিধা প্ৰদান কৰা হ’ব বুলি অৱগত কৰাৰ কথা জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে উপযুক্ত তদন্ত আৰু চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে।
ইপিনে, অসম-নাগালেণ্ড সীমা সমস্যাক লৈ আজি গোলাঘাট জিলাৰ সৰুপথাৰত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। সৰুপথাৰ সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত চুতীয়া ছাত্ৰ সন্থাসহ পাঁচটা সংগঠনে প্রতিবাদ সাব্যস্ত কৰে।
সীমান্তত নগাৰ আগ্ৰাসন ৰোধ কৰাৰ দাবীত চুতিয়া ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা সৰুপথাৰ সমজিলা কাৰ্যালয়লৈ হাতে হাতে প্লে কার্ড লৈ প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে সীমান্তবাসীৰ জীৱন তথা সম্পত্তি নিৰাপত্তা নিশ্চিত কৰাত জিলা প্ৰশাসন ব্যর্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি এই সমস্যা শীঘ্ৰেই সমাধান কৰাৰ দাবী জনায়৷