গোলাঘাটত আজি বিশ্ব জুন’ছিছ দিৱস পালন

গোলাঘাটত আজি বিশ্ব জুন’ছিছ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বহিঃবিভাগত এটা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীক, ৰোগীৰ আত্মীয়-অভিভাৱক তথা সাধাৰণ ৰাইজৰ মাজত জুনছিছ অৰ্থাৎ পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়।

এই উপলক্ষে জিলা মহামাৰী বিশেষজ্ঞ, জিলা মিডিয়া বিশেষজ্ঞ আৰু অণুজীৱ বিজ্ঞানীয়ে ৰাইজক ৰেবিজ, বাৰ্ডফ্লু, ছোৱাইনফ্লু, লেপ্ট’স্পাইৰ’ছিছ, জাপানীজ এনকেফেলাইটিছ আদি বিভিন্ন জুন’ছিছ ৰোগৰ বিষয়ে অৱগত কৰে।

এনে ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগৰ সৈতে সহযোগিতা কৰাৰ আহ্বান জনায়। লগতে স্বাস্থ্যকৰ জীৱন-যাপন, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পোহনীয়া জন্তুৰ নিয়মীয়া টীকাকৰণ, চাফ চিকুনকৈ ৰখা, নিৰাপদ খাদ্য গ্রহণ, হাত ধোৱাৰ অভ্যাস আৰু পশুৰ সৈতে ব্যৱহাৰৰ সময়ত প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।

জিলা চিকিৎসালয়ৰ উপৰি জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰতো আজি বিশ্ব জুনছিছ দিৱস পালন কৰা হয়।