September 14, 2026 1:27 PM

views 8

গোলাঘাট জিলাৰ মৰঙিত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি

গোলাঘাট জিলাৰ মৰঙি অঞ্চলত বনৰীয়া হাতীয়ে যোৱা কেইবাদিনো ধৰি উপদ্ৰৱ চলাইছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ধান খেতি নষ্ট কৰাৰ লগতে হাতীৰ গচকত কেইবাটাও বাসগৃহ ধ্বংস হয়। বিশেষকৈ নিশাৰ ভাগত হাতীৰ বিচৰণ বৃদ্ধি পোৱাত স্থানীয় লোকে শংকিত হৈ দিন পাৰ কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱৰ পৰা শস্যভূমি ৰক্ষা কৰা তথা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বাবে গোলাঘাট বন বিভাগক শীঘ্ৰেই ব্যৱস্থা ল'বলৈ স্থানীয় লোকে আহ্বান জনাইছে।

September 8, 2026 12:48 PM

views 11

গোলাঘাটৰ বিভিন্ন স্থানৰ পৰা কালি মুঠ ১৬ জন মাদকদ্রব্য সেৱনকাৰী আৰু সৰবৰাহকাৰীক আটক

গোলাঘাট আৰক্ষীয়ে মাদকদ্ৰব্য আসক্ত আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত জিলাখনৰ বিভিন্ন স্থানৰ পৰা কালি মুঠ ১৬ জন মাদকদ্রব্য সেৱনকাৰী আৰু সৰবৰাহকাৰীক আটক কৰিছে। গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল। নৱ প্ৰজন্মক মাদকদ্রব্য আসক্তিৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে চলোৱা আৰক্ষীৰ এই অভিযান অনাগত দিনতো অব্যাহত থাকিব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

July 6, 2026 7:05 PM

views 24

গোলাঘাটত আজি বিশ্ব জুন’ছিছ দিৱস পালন

গোলাঘাটত আজি বিশ্ব জুন’ছিছ দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগে শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বহিঃবিভাগত এটা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগীক, ৰোগীৰ আত্মীয়-অভিভাৱক তথা সাধাৰণ ৰাইজৰ মাজত জুনছিছ অৰ্থাৎ পশুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই উপলক্ষে জিলা মহামাৰী বিশেষজ্ঞ, জিলা মিডিয়া বিশেষজ্ঞ আৰু অণুজীৱ বিজ্ঞানীয়ে ৰাইজক ৰেবিজ, বাৰ্ডফ্লু, ছোৱাইনফ্লু, লেপ্ট'স্পাইৰ'ছিছ, জাপানীজ এনকেফেলাইটিছ...

December 28, 2025 9:01 PM

views 63

গোলাঘাট জিলাৰ মৰঙীৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক সমাৰোহ

গোলাঘাট জিলাৰ মৰঙীৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক সমাৰোহ তথা মহা-ৰজত জয়ন্তী কাৰ্য্যসূচীৰ আজি তৃতীয় দিনাও অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। যোৱা ২৬ৱ ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই সমাৰোহৰ আজি তৃতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ৰাজ্যৰ ২২ খন জিলাৰ মইনাসকলে শোভাযাত্ৰাত অংশ লৈ ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টিসংস্কৃতি প্ৰতিফলিত কৰে। তেওঁলোকে হাতী-মানুহৰ সংঘাতকে ধৰি অসমৰ জ্বলন্ত সমস্যাৰ প্ৰতিও জনসাধাৰণৰ দৃষ্টি আকৰ্...

November 1, 2025 12:12 PM

views 63

গোলাঘাটত দ্বিতীয় শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক সম্মিলনৰ শুভাৰম্ভ

স্বেচ্ছাসেৱী সংগঠন ছ'চিয়েল ডেভলপমেন্ট ফ'ৰামৰ উদ্যোগত গোলাঘাটৰ দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত আৰু সতী সাধনী কলাক্ষেত্রত অনুষ্ঠিত দ্বিতীয় শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক সম্মিলনৰ কালি শুভাৰম্ভ কৰা হয়। এই সন্মিলনত সমাজ সংস্কাৰক হিচাপে শংকৰদেৱৰ কৰ্মাৱলীক মূল বিষয় হিচাপে লৈ জলবায়ু পৰিৱৰ্তন, যুৱ আৰু পৰ্যটন উন্নয়ন আদি সন্দর্ভত আলোচনা অনুষ্ঠিত হ'ব। চাৰিদিনীয়া এই সম্মিলনৰ কালি প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে দেওপাহাৰ বনাঞ্চলৰ বিপৰীতে থকা নুমলীগড় চাহ বাগিচাৰ মাজৰ বাক্সা পাহাৰৰ সেউজীয়াৰ মাজত জলবায়ু পৰিৱৰ্তন ...

September 16, 2025 6:50 PM

views 105

নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ গোলাঘাট, খুমটাই, মৰঙী, সৰুপথাৰ আৰু বোকাখাতৰ পাঁচটা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে। জিলাখনৰ ৫৬ খন গাঁৱৰ ৪ হাজাৰ ৫০০ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলা প্ৰশাসনে ১৫টা আশ্রয় শিবিৰ মুকলি কৰিছে। আজি জিলা আয়ুক্ত পুলক মহন্তই সীমান্ত দণ্ডাধীশৰ সৈতে গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ইটানগৰটোপ অঞ্চলত...

August 8, 2025 10:25 AM

views 71

মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

■ গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত উচ্ছেদ চলাব। জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিলত প্রায় ৩০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে গোলাঘাট জিলা বন বিভাগে ড্ৰোণৰ সহায়ত মেৰাপানীৰ নগা পাহাৰৰ দাঁতিত ২ নম্বৰ নেঘেৰিবিল গাঁৱত সন্দেহজনক লোকৰ বসতিপ্রধান অঞ্চলটোৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে বন বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোত উপস্থিত হৈ ঘৰে ঘৰে গৈ জৰীপ আৰু তথ্য সংগ্ৰহ...

August 7, 2025 12:43 PM

views 70

মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰীবিলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান

গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰীবিলত উচ্ছেদ চলাব। আৰক্ষী, বন বিভাগৰ লোকে কালি অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰে। কালি প্ৰশাসনৰ তৰফৰ পৰা ২ নম্বৰ নেঘেৰীবিল অঞ্চল খালী কৰাৰ বাবে অন্তিমবাৰৰ বাবে অবৈধ দখলকাৰীসকলক মাইকযোগে জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে, নেঘেৰীবিলত উচ্ছেদ হবলগীয়া ২০৫টা পৰিয়ালৰ ভিতৰত ৭৪টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈয়াং বনাঞ্চলৰ নেঘেৰীবিলৰ ৫৯টা আৰু নামবৰ বনাঞ্চলত ১৫টা পৰিয়াললৈ সাময়িকভাৱে সকাহ ...

August 5, 2025 7:24 PM

views 64

নেঘেৰিবিলৰ দখলিকৃত ভূমি সন্দৰ্ভত নগাবস্তিৰ কাউন্সিলৰ মন্তব্যৰ পাছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ তীব্র প্রতিক্রিয়া

গোলাঘাট জিলাৰ মেৰাপানীৰ নেঘেৰিবিলৰ দখলিকৃত ভূমিত ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ পাছতে অঞ্চলটোৰ ভূমি নগাসকলৰ বুলি সীমান্তৰ তিনিখন নগাবস্তিৰ কাউন্সিলে মন্তব্য কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে। কালি নগালেণ্ডৰ একাংশ লোকে সৰুপথাৰৰ গেলাজান আৰু ২ নম্বৰ ৰজাপুখুৰী তেওঁলোকৰ বুলি দাবী কৰিছিল। আজি মেৰাপানী সীমান্তৰ নেঘেৰিবিলৰ সমীপৱৰ্তী তিনিখন নগা বসতিপ্রধান গাঁৱৰ ভিলেজ চেয়াৰমেনে নেঘেৰিবিলৰ ভূমি নগালেণ্ডৰ বুলি দাবী কৰি এটা ভিডিঅ' মুকলি কৰে। তেওঁলোকে নেঘেৰিবিলৰ বনভোজথলীত ৰাজ্যৰ ...

July 28, 2025 5:51 PM

views 63

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ’ব

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ'ব। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ সাজু কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক আজিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকিয়াই দিছে। ইয়াৰ আগেয়ে প্রশাসনে জ...