গোলাঘাট জিলাৰ মৰঙি অঞ্চলত বনৰীয়া হাতীয়ে যোৱা কেইবাদিনো ধৰি উপদ্ৰৱ চলাইছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ ধান খেতি নষ্ট কৰাৰ লগতে হাতীৰ গচকত কেইবাটাও বাসগৃহ ধ্বংস হয়। বিশেষকৈ নিশাৰ ভাগত হাতীৰ বিচৰণ বৃদ্ধি পোৱাত স্থানীয় লোকে শংকিত হৈ দিন পাৰ কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱৰ পৰা শস্যভূমি ৰক্ষা কৰা তথা জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষাৰ বাবে গোলাঘাট বন বিভাগক শীঘ্ৰেই ব্যৱস্থা ল’বলৈ স্থানীয় লোকে আহ্বান জনাইছে।
Assamese | September 14, 2026 1:27 PM | Golaghat
গোলাঘাট জিলাৰ মৰঙিত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি