June 12, 2024 1:07 PM

views 54

গোলাঘাটত ৰূপায়ণ হৈ থকা উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ

কৃষি মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ৰূপায়ণ হৈ থকা চৰকাৰৰ উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিৰ শেহতীয়া কাৰ্যকৰীকৰণ স্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে অতিৰিক্ত জিলা আয়ুক্তৰ কার্যালয়ত এখন পর্যালোচনা বৈঠকৰ আয়োজন কৰে। তেওঁ বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নির্দিষ্ট সময়-সীমাৰ ভিতৰতে আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

May 8, 2024 6:54 PM

views 44

গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন

গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন কৰা হৈছে। গাঁওখনৰ ৩০০ বছৰ গৰকা বৰ নামঘৰত পৰম্পৰা অক্ষুণ্ণ ৰাখি এই ভাওনাৰ বাবে প্রস্তুতি অব্যাহত আছে। শংকৰী কলা-কৃষ্টিৰ চৰ্চা অব্যাহত ৰখা এই নামঘৰত গায়ন-বায়নৰ পৰা আৰম্ভ কৰা অভিনেতা-অভিনেত্ৰীলৈকে প্ৰতিটো কাম শিশুৰ দ্বাৰা কৰোৱাৰ বাবে গাঁওবাসীয়ে প্ৰয়াস চলাইছে। অহা ২৬ মে'ত ৰাৱনৰ মুক্তিলাভ নামৰ এখন ভাওনা শিশুসকলৰ দ্বাৰা পৰিৱেশিত হ'ব।

May 3, 2024 11:50 AM

views 65

গোলাঘাট আৰক্ষীয়ে ভিন্ন ঠাইত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

◊ গোলাঘাট আৰক্ষীয়ে কেইবা ঠাইতো অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই গোলাঘাট আৰক্ষীয়ে প্ৰায় তিনি কেজি ওজনৰ হেৰ'ইন জব্দ কৰে। সৰুপথাৰ আৰক্ষী চকীৰ অন্তৰ্গত এলেকাত অভিযান চলাই দুখন গাড়ীৰ পৰা হে'ৰইনখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হেৰ'ইনখিনি মণিপুৰৰ পৰা উজনি অসমলৈ অনা হৈছিল।

April 2, 2024 7:47 PM

views 65

কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা

♦ অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰত বিজয় সংকল্প যাত্ৰাত অংশ লয়। এই সভাত বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিটিআৰৰ মুৰববী প্রমোদ বড়োৱেও অংশগ্ৰহণ কৰে। https://x.com/himantabiswa/status/1775081200681427404?s=20 মুখ্য...

April 2, 2024 12:22 PM

views 123

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বৈঠক

♦ গোলাঘাট জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি আয়ুক্ত ডাঃ পি উদয় প্রবীণৰ সভাপতিত্বত দুর্যোগ ব্যৱস্থাপনা বিভাগৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনত ধুমুহা, শিলাবৃষ্টিত হোৱা ক্ষয়-ক্ষতি আৰু এইক্ষেত্ৰত গ্ৰহণ কৰা সাহায্য অভিযানৰ সন্দৰ্ভত আলোচনা কৰা হয়। Read More News :  ৰঙালী বিহুৰ আগে-পাছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী  অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত  লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৯, ২৬ এপ্রিল আৰু ৭ মে’ত ৰাজ্য চৰকাৰৰ বন্ধ ঘোষণা  লগতে ধ...