গোলাঘাট জিলাৰ মৰঙীৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক সমাৰোহ তথা মহা-ৰজত জয়ন্তী কাৰ্য্যসূচীৰ আজি তৃতীয় দিনাও অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। যোৱা ২৬ৱ ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই সমাৰোহৰ আজি তৃতীয় দিনা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ৰাজ্যৰ ২২ খন জিলাৰ মইনাসকলে শোভাযাত্ৰাত অংশ লৈ ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টিসংস্কৃতি প্ৰতিফলিত কৰে। তেওঁলোকে হাতী-মানুহৰ সংঘাতকে ধৰি অসমৰ জ্বলন্ত সমস্যাৰ প্ৰতিও জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে। কাইলৈ এই সমাৰোহৰ সামৰণি পৰিব।
Assamese | December 28, 2025 9:01 PM | Golaghat
গোলাঘাট জিলাৰ মৰঙীৰ পোৰাবাংলাৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত সদৌ অসম মইনা পাৰিজাতৰ অষ্টাদশ দ্বিবার্ষিক সমাৰোহ